নিউজ ডেস্ক,2 জুন: বিশ্বৰ আন সমূহ দেশৰ লগতে ভাৰতটো বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ ফলত আতংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী ৷ কিন্তু ইয়াৰ মাজতে কোভিড-19ৰ সন্দৰ্ভত ভাৰতৰ বাবে আছে কিছু সু-খবৰ ৷ এই কথা জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ মন্ত্ৰণালয়ে জনোৱা অনুসৰি কোভিড-19 য়ে সৃষ্টি কৰা এই ত্ৰাসৰ সময়ছোৱাত ভাৰতৰ ক্ষেত্ৰত দেখা দিছে দুটা বিশেষ ভাল লক্ষণে ৷ যাৰ বাবে কোভিড-19 ৰ পৰা ভাৰতবাসী আন দেশৰ তুলনাত যথেষ্ট পৰিমানে নিৰাপদ বুলি অনুমান কৰিব পাৰি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা সেই বিশেষ ভাল লক্ষণ দুটা হ'ল-
1) বৰ্তমান সময়ত ভাৰত বৰ্ষত কোভিড-19 ৰ পৰা আৰোগ্য লাভ কৰাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ কমি আহিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি বিগত 24 ঘন্টাত সমগ্ৰ দেশতে মুঠ 4,853 গৰাকী কোভিড-19 আক্ৰান্তক সুস্থ শৰীৰে চিকিৎসালয়ৰ পৰা অব্য়াহতি দিয়া হৈছে ৷ ইয়াৰ লগে-লগে দেশত এই ৰোগৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে 91,818 গৰাকী ৷ লগতে দেশত বৰ্তমান ৰোগীৰ আৰোগ্যৰ হাৰ 48.19 শতাংশ বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ উল্লেখ্য যে, 18 মে' ত ৰোগীৰ আৰোগ্যৰ হাৰ 38.29 শতাংশ হোৱাৰ বিপৰীতে 3 মে' ত 26.59 শতাংশ আৰু 15 এপ্ৰিলত এই হাৰ আছিল 11.42 শতাংশ ৷ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ প্ৰকাশ কৰিছে যে, বৰ্তমান ভাৰতবৰ্ষত 93,322 জন লোক কোভিভ-19 ত আক্ৰান্ত হৈ আছে আৰু তেঁওলোকক সম্পূৰ্ণ চিকিৎসাৰ মাজত ৰখা হৈছে ৷