নিউজ ডেস্ক, ১৭ এপ্ৰিলঃভাৰতত অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । যাৰ বাবে যোৱা ১৪ এপ্ৰিলত চতুৰ্থবাৰৰ বাবে দেশৰ নাগৰিকক সম্বোধন কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মোডীৰ ২৫ মিনিট ভাষণ কালতেই ১৯ দিনীয়া দ্বিতীয়টো লক ডাউনৰ কথা ঘোষণা কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । ২৫ মিনিটলৈ দিয়া এই ভাষণে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সৰ্বাধিক দৰ্শককে উপভোগ কৰাৰ অভিলেখ ৰচিবলৈ সক্ষম হৈছে । BARC ৰ মতে, প্ৰায় ২০.৩ কোটি (২০৩ million) জনতাই এই সম্বোধন একে সময়তে উপভোগ কৰিছিল । বিভিন্ন দেশৰ প্ৰায় ১৯৯ টা মাধ্যমত সম্প্ৰচাৰিত হৈছিল এই কাৰ্যসূচী ।
অভিলেখ ! ২০.৩ কোটি জনতাই চাইছিল মোডীৰ লক ডাউন ২.০ ৰ সম্বোধন - Aarogya Setu app
১৪ এপ্ৰিলত চতুৰ্থবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ২৫ মিনিটলৈ দিয়া এই সম্বোধনত দ্বিতীয়টো লক ডাউনৰ কথা উল্লেখ কৰিছিল মোডীয়ে । ১৯৯ টা সম্প্ৰচাৰ মাধ্যমত প্ৰচাৰিত হৈছিল এই সম্বোধনৰ লাইভ ।
Record 20.3 cr people watch PM address on lockdown-2: BARC
ইয়াৰ পূৰ্বে ২১ দিনীয়া লক ডাউন ঘোষণাৰ সময়ত ১৯.৩ কোটি (১৯৩ million) দৰ্শকে উপভোগ কৰিছিল মোডীৰ সম্বোধন । ইয়াৰ লগতে অভিলেখ সংখ্য়ক হিচাপে আৰোগ্য সেতু এপ্ টোৰ ডাউনল'ডৰ কথাও প্ৰকাশ কৰিছে এচি নেইলচেন সংস্থাটোৱে ।
আনহাতে দূৰদৰ্শনত মহাভাৰত আৰু ৰামায়ণৰ পুনৰ সম্প্ৰচাৰ কৰাৰ পাচত দুৰদৰ্শন চোৱাৰ দৰ্শকৰ সংখ্য়াত অভাৱনীয় হাৰত বৃদ্ধি পাইছে আৰু বহু ব্যক্তিগত চেনেলকো চেৰ পেলাবলৈ সক্ষম হৈছে ।