নিউজ ডেস্ক, 15 চেপ্তেম্বৰঃ দেশৰ সামৰিক সক্ষমতা সৱল কৰি ৰাখিবলৈ মানৱ সম্পদৰ সমান্তৰালভাৱে জীৱ-জন্তু বিশেষকৈ কুকুৰৰ ভূমিকা অতুলনীয় ৷ সেনাৰ লগতে অৰ্ধসামৰিক বাহিনীত নিৰাপত্তা তথা সুৰক্ষাৰ দিশত কুকুৰে সদায়ে বিশেষ ভূমিকা পালন কৰি আহিছে ৷
বিশেষ প্ৰশিক্ষণৰ সময়ত "ডাচ্চ" বিশেষৰূপে প্ৰশিক্ষণ লাভ কৰাৰ পিচতে এইসমূহ কুকুৰে দেশৰ সুৰক্ষাটো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ৷
ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ ডগ স্কোৱাডৰ অধীনস্থ "ডাচ্চ" নামৰ কুকুৰটোৰ বিগত 13 চেপ্তেম্বৰত নিধন হয় ৷ দেশসেৱাৰ নামত নিজক অৰ্পণ কৰা "ডাচ্চ"ৰ 9 বছৰ বয়সত মৃত্যু ঘটে ৷
সন্ত্ৰাসবাদ-বিৰোধী অভিযানৰ লগতে বিস্ফোৰক চিনাক্ত কৰাত "ডাচ্চ"ৰ বিশেষ সুনাম থকাৰ লগতে ৰাষ্ট্ৰীয় স্তৰত সামৰিক সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷
"ডাচ্চ"ৰ মৃত্যুৰ বিষয়ে প্ৰকাশ কৰি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডে এটা টুইট কৰে ৷ টুইটটোত "ডাচ্চ"ক এগৰাকী নায়কৰ সৈতে তুলনা কৰে ভাৰতীয় সেনাই ৷
সম্পূৰ্ণ সামৰিক সন্মানেৰে শেষ বিদায় "ডাচ্চ"ক ভাৰতীয় সেনাৰ টুইটটোত বহুতো অনুৰাগীয়ে শেষ শ্ৰদ্ধা অৰ্পণ কৰে ৷ কলকাতাস্থিত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্যালয়ে সম্পূৰ্ণ সামৰিক সন্মানেৰে "ডাচ্চ"ক শেষ বিদায় জনায় ৷