তিনি বৰ্ষৰ অন্তৰালত চলিত চেপ্তেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অংশগ্ৰহণ কৰিব ৷ 2015 চনত মোডীয়ে ৰাষ্ট্ৰসংঘৰ 70সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰি বিশ্বৰ সকলো নেতাৰ সৈতে 17টা বহনক্ষম উন্নয়ন কাৰকক লৈ এজেণ্ডা 2030 গ্ৰহণ কৰিছিল ৷ পৰিৱেশ সংৰক্ষণৰ লগতে উন্নয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা এই এজেণ্ডা 2030ৰ সন্দৰ্ভত তেতিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ অধিকাংশ উন্নয়ন এজেণ্ডা প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰিছিল ৷
এজেণ্ডা 2030ৰ সন্দৰ্ভত ৰাষ্ট্ৰসমূহে নিজাববীয়াকৈ তৈয়াৰ কৰা উন্নয়ন কাৰকসমূহ প্ৰয়োগ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে ৷ অহা 23 আৰু 24 চেপ্তেম্বৰত নিউ ইয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া উচ্চ পৰ্যায়ৰ অনুষ্ঠানত বহনক্ষম উন্নয়ন সন্দৰ্ভত ভাৰতে গ্ৰহণ কৰা নেতৃত্বক প্ৰতিনিধিত্ব কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 23 আৰু 24 চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া এইসমূহ আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ ক্লাইমেট এক্সন চামিট, উনিভাৰ্চেল হেল্থ ক'ভাৰেজ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা, চাছটেইনএবল ডেভেলপমেন্ট গ'লছ চামিট, দি লিডাৰছ চামিট আৰু ভাৰতে নিজাবৱীয়াকৈ আয়োজন কৰা মহাত্মা গান্ধীৰ 150সংখ্যক জন্মজয়ন্তী অন্যতম ৷
2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক 21 জুনৰ দিনটো স্বাস্থ্যৱান আৰু সুন্দৰ জীৱন উদযাপনৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ দিয়ে ৷ প্ৰধানমন্ত্ৰী এই প্ৰস্তাৱৰ প্ৰতি সমগ্ৰ বিশ্বই অভূতপূৰ্ব সমৰ্থন প্ৰদান কৰি অভিলেখসংখ্যক মাত্ৰ 75 দিনৰ ভিতৰতে 177 খন দেশে সন্মতি প্ৰদান কৰে ৷ ৰাষ্ট্ৰসংঘৰ বহননক্ষম উন্নয়ন কাৰকৰ সপ্তমটো কাৰক বিশুদ্ধ শক্তিৰ বাবে ভাৰতে গ্ৰহণ কৰা স্থিতিক ৰাষ্ট্ৰসংঘই সমৰ্থন কৰিছে ৷ চলিত বৰ্ষৰ মধ্যভাগলৈ ভাৰতক প্ৰয়োজন হোৱা সৰ্বমুঠ 175 গিগাৱাট পুনৰনৱীকৰণযোগ্য শক্তিৰ ভিতৰত প্ৰায় 80 গিগাৱাট শক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে ৷ এই ভ্ৰমণকালতে ৰাষ্ট্ৰসংঘৰ মুখ্যালয়ত ভাৰতে প্ৰদান কৰা সৌৰ-চাকিসমূহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ বহনক্ষম উন্নয়নৰ তৃতীয়টো কাৰক সুস্বাস্থ্য আৰু স্বাস্থ্যৱান জীৱনৰ বাবে ভাৰতে 2018 চনত গ্ৰহণ কৰা আয়ুস্মান ভাৰত আঁচনি অন্যতম ৷ এই আঁচনিৰ দ্বাৰা ভাৰতে 500 মিলিয়ন হিতাধিকাৰীক স্বাস্থ্যৱান জীৱন প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰিও ষষ্ঠটো বহনক্ষম উন্নয়ন কাৰক অনাময়ৰ বাবে ভাৰতে গ্ৰহণ কৰা স্বচ্ছ ভাৰত অভিযানৰ সফলতা সমগ্ৰ বিশ্বৰে জ্ঞাত ৷