অসম

assam

By

Published : Apr 14, 2019, 11:45 PM IST

ETV Bharat / bharat

পুনৰ ৰাফেল কেলেংকাৰীত সাঙুৰ খাইছে ৰিলায়েন্স টেলিকমৰ নাম

ৰাফেল চুক্তি সম্পন্ন হোৱা বৰ্ষতেই ফ্ৰান্সে ৰিলায়েন্স টেলিকমক ফ্ৰান্সত 143.7 মিলিয়ন ইউৰো কৰ ৰেহাই দিয়াৰ অভিযোগ আগশাৰীৰ ফ্ৰান্সৰ বাতৰিকাকতৰ৷ এই ঘটনাত দুৰ্নীতিৰ গোন্ধ ফ্ৰান্সৰ বাতৰিকাকতখনৰ ৷

ৰাফেল বিমান কেলেংকাৰীত সাঙুৰ খাইছে ৰিলায়েন্স টেলিকমৰ নাম

নিউজ ডেস্ক, 14 এপ্ৰিল : ৰিলায়েন্স টেলিকমলৈ ফ্ৰান্সে এৰি দিছে 143.7 মিলিয়ন ইউৰো কৰ ৷ এই অভিযোগ ফ্ৰান্সৰ এখন আগশাৰীৰ বাতৰি কাকতৰ ৷ 2015 চনত অনিল আম্বানীৰ ৰিলায়েন্স টেলিকমৰ ফ্ৰান্সৰ পঞ্জীয়নভূত এটা শাখাক ফ্ৰান্স চৰকাৰে 143.7 মিলিয়ন ইউৰোৰ আয়কৰ ৰেহাই দিয়াৰ অভিযোগ ফ্ৰান্সৰ বাতৰি কাকতখনৰ ৷ সেই একেই বৰ্ষতে ভাৰতে গ্ৰহণ কৰিছিল ফ্ৰান্সৰ পৰা 36 খন ৰাফেল বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত ৷

এই অভিযোগ একেমুখেই খাৰিজ কৰে ৰিলায়েন্স টেলিকম লিমিটেডে ৷ তেওঁলোকৰ মতে ফ্ৰান্স চৰকাৰৰ লগত হোৱা এক আইনী বুজাবুজিৰ অন্ততহে দেশখনে ৰেহাই দিছে কৰ ৷

উল্লেখ্য যে, ৰিলায়েন্সৰ পৰা 7.3 মিলিয়ন ইউৰোৰ বাবদ মুঠ কৰ ৰেহাই দিছে ফ্ৰান্সৰ আয়কৰ বিভাগে৷ কৰফাকিৰ বাবদ উৎকোচ হিচাপে এই ধন গোপনে কৰ বিভাগৰ কৰ্মচাৰীক প্ৰদান কৰা বুলি ৰিলায়েন্স টেলিকমৰ বিৰুদ্ধে শনিবাৰে অভিযোগ উত্থাপন কৰিছে 'লে মণ্ডে' নামৰ ফ্ৰান্সৰ বাতৰি কাকতখনে ৷

এই অভিযোগৰ ক্ষেত্ৰত মুখ খুলিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়েও ৷ ৰাফেল বিমান চুক্তিৰ লগত ৰিলায়েন্সৰ কৰৰ কোনো সম্পৰ্ক নাই বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷ এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন তথা মনেসজা বুলিও স্পষ্টীকৰণ প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷

ABOUT THE AUTHOR

...view details