অসম

assam

ETV Bharat / bharat

CEO আৰু নিৰ্দেশকৰ অন্তিম বয়স ৭০ বছৰঃ ৰিজাৰ্ভ বেংক

CEO পদৰ বাবে অন্তিম বয়স ৭০ বছৰ হ'ব লাগিব । তাৰ বাহিৰে অইন ব্যক্তিয়ে উক্ত পদত অধিষ্ঠিত হ'ব নোৱাৰিব । ৰিজাৰ্ভ বেংকৰ বিবৃতিত প্ৰকাশ পাইছে এই তথ্য ।

rbi-proposes-upper-age-limit-of-70-years-for-ceos-whole-time-directors-of-banks
rbi-proposes-upper-age-limit-of-70-years-for-ceos-whole-time-directors-of-banks

By

Published : Jun 12, 2020, 7:44 PM IST

নিউজ ডেস্ক, ১২ জুন : লক ডাউনৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিঙ ক্ষেত্ৰৰ CEO আৰু পূৰ্বকালীন নিৰ্দেশকৰ অন্তিম বয়স ৭০ বছৰলৈ নিদ্ধাৰিত কৰিছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক বিবৃতিত এই তথ্য প্ৰকাশ পাইছে । CEO পদত ৭০ বছৰীয়া লোক অধিষ্ঠিত হ'ব পাৰিব ।

CEO আৰু নিৰ্দেশকৰ অন্তিম বয়স ৭০ বছৰঃ ৰিজাৰ্ভ বেংক

জনোৱা অনুসৰি,সু-শাসন আৰু ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উক্ত পদত অধিষ্ঠিত ১০ৰ পৰা ১৫ বছৰ কৰ্মৰত যিকোনো ব্যক্তিকে আকৌ দুই বছৰতকৈয়ো অধিক সময় প্ৰদান কৰা হ'ব। ভাৰতবৰ্ষৰ বিত্তীয় প্ৰণালী বৃদ্ধি আৰু জটিলতা দূৰ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বিবৃতিত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক : বিক্ৰীৰ ওপৰত প্ৰাধান্য দিয়াৰ অৰ্থে বিত্তীয় আঁচনি ঘোষণা টয়টা কিৰ্লোস্কাৰৰ

ABOUT THE AUTHOR

...view details