নেশ্যনেল ডেস্ক, 2 মে' : ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্নৰ শক্তিকান্ত দাসে শনিবাৰে বেংক সমূহৰ মুৰব্বী সকলৰ সৈতে এক বৈঠকৰ আয়োজন কৰে ৷ COVID-19 সংকটৰ মাজতে ভাৰতীয় অৰ্থনীতিত হেঁচা কম কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা আৰু অৰ্থনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে দাসে ৷
দুটা পৃথক খণ্ডত আয়োজন কৰা এই বৈঠকত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ মুখ্য কাৰ্যবাহী সঞ্চালক আৰু প্ৰবন্ধ সঞ্চালক সকলে ঘোষণা কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কত কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কত আলোচনা কৰে গৱৰ্নৰ গৰাকীয়ে ৷