নেশ্বনেল ডেস্ক, 30 জুলাই : মঙলবাৰে ৰাজ্যসভাত উত্থাপন হ’ল তিনি তালাক বিধায়ক৷ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মঙলবাৰে 12 বজাত ৰাজ্যসভাত উত্থাপন কৰিলে মুছলিম মহিলা (বৈবাহিক অধিকাৰ সুৰক্ষা) বিধেয়ক, 2019 অৰ্থাৎ তিনি তালাক বিধেয়ক ৷ উল্লেখ্য যে, জুলাইৰ 25 তাৰিখে এই বিধেয়কখন লোকসভাত 302 টা ভোট লাভ কৰি গৃহীত হৈছিল ৷ আনহাতে, বিধেয়ক খনৰ বিপৰীতে 82 টাকৈ ভোট প্ৰদান কৰা হৈছিল ৷ উল্লেখ্য যে, 16 সংখ্যক লোকসভাতে বিধেয়ক খন গৃহীত হৈছিল যদিও ৰাজ্যসভাত গৃহীত হ'বলৈ সক্ষম হোৱা নাছিল ৷ এই বিধেয়ক অনুসৰি তিনি তালাকৰ জৰিয়তে যিসকল পুৰুষে নিজ পত্নীৰ সৈতে বৈবাহিক সম্পৰ্ক ছেদ কৰে তেওঁলোকে তিনি বছৰৰ কাৰাদণ্ড ভূগিব লাগিব ৷
ৰাজ্যসভাত উত্থাপন হ'ল তিনি তালাক বিধেয়ক - মঙলবাৰ
ৰাজ্যসভাত উত্থাপন হ'ল মুছলিম মহিলা (বৈবাহিক অধিকাৰ সুৰক্ষা) বিধেয়ক, 2019 অৰ্থাৎ তিনি তালাক বিধেয়ক ৷ উচ্চ সদনত এই বিধেয়ক উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৷
নৰেন্দ্ৰ মোডী চৰকাৰে উত্থাপন কৰা এই বিধেয়কৰ বিৰুদ্ধে বহুকেইটা দলে বিৰোধিতা কৰি আহিছে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে দাবী কৰা অনুসৰি, এই বিধেয়কে লিংগ বৈষম্যতা আৰু অন্যায় দূৰ কৰিবলৈ সক্ষম হ'ব ৷ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু ডিএমকেই এই বিষয়টো সন্দৰ্ভত সংসদীয় কমিটিৰ নিৰীক্ষণৰো দাবী উত্থাপন কৰিছে ৷ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নিম্ন সদনত সংখ্যাগৰিষ্ঠতাৰে জয় লাভ কৰিলেও উচ্চ সদনত এই বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, লোকসভাত তিনি তালাক বিধেয়ক উত্থাপন হোৱাত ইয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে। ডিএমকেয়েও লোকসভাত বিৰোধিতা কৰিছিল তিনি তালাক বিধেয়কৰ।