অসম

assam

By

Published : Jun 2, 2020, 4:01 PM IST

ETV Bharat / bharat

ইলেক্ট্ৰনিকছ সামগ্ৰীৰ উৎপাদন ক্ষীপ্ৰ কৰিবলৈ তিনিখন আঁচনি ঘোষণা

সংবাদ মাধ্যমক সম্বোধন কৰি বৈদ্যুতিক,তথ্য প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সোমবাৰে বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ক্ষীপ্ৰ কৰিবলৈ তিনিখন নতুন আঁচনি ঘোষণা কৰিছে ।

ইলেক্ট্ৰনিকছ সামগ্ৰীৰ উৎপাদন ক্ষীপ্ৰ কৰিবলৈ তিনিখন আঁচনি ঘোষণা
ইলেক্ট্ৰনিকছ সামগ্ৰীৰ উৎপাদন ক্ষীপ্ৰ কৰিবলৈ তিনিখন আঁচনি ঘোষণা

নিউজ ডেস্ক, 2 জুনঃ বৈদ্যুতিক,তথ্য প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সোমবাৰে ঘোষণা কৰে তিনিখন নতুন আঁচনিৰ কথা । সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ কথা ঘোষণা কৰে । বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ক্ষীপ্ৰ কৰাৰ উদ্দেশ্যেৰে এই আঁচনি কেইখন হাতত লোৱা হৈছে ।

এই আঁচনি কেইখন হৈছে- উৎপাদন লিংকযুক্ত ইনচেন্টিভ আঁচনি,উপাদান নিৰ্মাণ আঁচনি আৰু ক্লাষ্টাৰ আঁচনি ।

উৎপাদন লিংকযুক্ত ইনচেন্টিভ আঁচনিয়ে উৎপাদক সকলক আগ্ৰহী কৰিব আনহাতে উপাদান নিৰ্মাণ আঁচনিয়ে বৈদ্যুতিক সামগ্ৰী অধিক পৰিমাণে নিৰ্মাণ কৰাত সহায় কৰিব । উপাদান নিৰ্মাণ আঁচনি আৰু ক্লাষ্টাৰ আঁচনি প্ৰধানকৈ বৈদ্যুতিক সামগ্ৰী উৎপাদন আৰু এই উদ্যোগৰ বিকাশেৰ বাবেই প্ৰধানকৈ গ্ৰহণ কৰা হৈছে ।

মন্ত্ৰী গৰাকীয়ে কয় যে, 2014 চনত ভাৰতত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদনৰ মুল্য আছিল 1,90,366 কোটি টকা,আনহাতে বৰ্তমান ইয়াৰ পৰিমাণ 4,50,000 কোটি টকালৈ বৃদ্ধি হৈছে । আনহাতে গোলকীয় বজাৰত 2012 চনত ভাৰতীয় বৈদ্যুতিক সামগ্ৰীৰ অংশীদাৰিত্ব আছিল 1.3 শতাংশ । 2018 চনত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ 3 শতাংশ হৈছে ।

ABOUT THE AUTHOR

...view details