অসম

assam

ETV Bharat / bharat

ভাৰতত মৃত্যুতকৈ আৰোগ্যৰ সংখ্যা অধিকঃ লাভ আগৰৱাল

মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে সকলো শংকিত হৈ থকা সময়তে দেশবাসীক কিছু সকাহ দিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সংযুক্ত সচিব লাভ আগৰৱালে । দেশত বৰ্তমান কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা অধিক বুলি সদৰী কৰে লাভ আগৰৱালে ।

COVID-19
COVID-19: ভাৰতত মৃত্যু সংখ্যাতকৈ আৰোগ্য সংখ্যা অধিকঃ লভ আগৰৱাল

By

Published : Apr 17, 2020, 10:57 PM IST

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ শুকুৰবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰী কৰে যে, বৰ্তমান পৰ্যন্ত ভাৰতত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা অনুপাত ৮০:২০ আৰু আৰোগ্য হোৱাৰ অনুপাত ১৩:৬ ।

COVID-19: ভাৰতত মৃত্যু সংখ্যাতকৈ আৰোগ্য সংখ্যা অধিকঃ লভ আগৰৱাল

সমগ্ৰ দেশবাসী কৰ'ণা ভাইৰাছৰ বাবে শংকিত হৈ থকা সময়তে এইটো এটা গুৰুত্বপূৰ্ণ আৰু সন্তোষজনক খবৰ বুলি গণ্য হৈছে । শুকুৰবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সংযুক্ত সচিব লাভ আগৰৱালে কয় যে, মন্ত্ৰণালয়ে মহামাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত বহু কেইটা ভাগত ইতিমধ্যে বিশ্লেষণ আগবঢ়াইছে । বিশ্লেষণৰ ভিত্তিতে ক'ব পাৰি যে, কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা অধিক ।

শুকুৰবাৰৰ দিনটোত প্ৰায় ১,৭৪৯ জন লোক আৰোগ্য হৈ উঠিছে বুলিও মন্তব্য কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সংযুক্ত সচিব লাভ আগৰৱালে । লগতে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ পূৰ্বতকৈ অধিক সতৰ্ক হৈ থাকিব লাগিব বুলি মন্তব্য কৰে লাভ আগৰৱালে ।

ABOUT THE AUTHOR

...view details