নিউজ ডেস্ক, 6 জুনঃআমেৰিকা যুক্তৰাষ্ট্ৰৰ জনছ হপকিনছ মেডিচিন নামৰ সংস্থাটোৰ গৱেষণাত এইটো তথ্য পোহৰলৈ আহিছে যে,কোভিড-19ৰ পৰা ৰক্ষা পোৱা অধিকাংশ লোকেই নিবনুৱা সমস্যাত ভুগিব লাগিব ৷ কিয়নো গৱেষণাত এই তথ্য পোহৰলৈ আহিছে যে,কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰাৰ পৰৱৰ্তী সময়ত শাৰিৰীক শক্তিকে ধৰি অন্যান্য আনুসংগিক দিশসমূহ পৰিপক্ক হৈ উঠালৈ এগৰাকী ব্যক্তিক বহুখিনি সময়ৰ প্ৰয়োজন হ'ব ৷ এইখিনি সময়ত তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ বিষয় হ'ব জিৰণি ৷
2017 চনৰ 16 ছেপ্টেম্বৰত Thoraxনামৰ জাৰ্নেলত প্ৰকাশ পোৱা এখন গৱেষণাপত্ৰত এইটো কোৱা হৈছিল যে,স্নায়ৱিক ৰোগ (acute respiratory distress syndrome, ARDS)ৰ পৰা ৰক্ষা পোৱা অধিকাংশ লোকৰ দৰেই কোভিড-19ৰ ক্ষেত্ৰটো একেই দিশ পৰিলক্ষিত হৈছে ৷ সেইটো অধ্যয়নত 8 গৰাকীৰ ভিতৰত 3 গৰাকীয়ে জীৱিকা হেৰুৱাইছিল, যিটো পাঁচবছৰত 180,000 ডলাৰৰ লোকচান বুলি কোৱা হৈছিল ৷