ওড়িশাৰ ময়ুৰভুঞ্জত উদ্ধাৰ দুৰ্লভ প্ৰজাতিৰ সাপ
ব্ৰঞ্জবেক ট্ৰী নামৰ বিষাক্ত সাপডাল উদ্ধাৰ হৈছে এজন স্থা়নীয় ব্যক্তিৰ বাসগৃহৰ পৰা ৷ গাত নীলা ৰঙৰ চিহ্ন থকা এই বিষাক্ত তথা দুৰ্লভ সাপডাল সাধাৰণতে মানুহৰ বসতি থকা অঞ্চল প্ৰত্যক্ষ কৰিবলৈ পোৱা নাযায় ৷
নিউজ ডেস্ক, 5 জুন: ওড়িশাৰ ময়ুৰভুঞ্জ জিলাৰ উথানিনুআ গাঁৱত উদ্ধাৰ হয় এডাল বিষাক্ত দুৰ্লভ প্ৰজাতিৰ সাপ ৷ ব্ৰঞ্জবেক ট্ৰী নামৰ বিষাক্ত সাপডাল উদ্ধাৰ হৈছে এজন স্থা়নীয় ব্যক্তিৰ বাসগৃহৰ পৰা ৷ গাত নীলা ৰঙৰ চিহ্ন থকা এই বিষাক্ত তথা দুৰ্লভ সাপডাল সাধাৰণতে মানুহৰ বসতি থকা অঞ্চলত প্ৰত্যক্ষ কৰিবলৈ পোৱা নাযায় ৷ কিন্তু উথানিনুআ গাঁৱৰ এজন ব্যক্তিৰ ঘৰত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ আনহাতে, সাপডালৰ খবৰ বন বিভাগে লাভ কৰাৰ পাচতে বন বিষয়াই দুৰ্লভ সাপডাল উদ্ধাৰ কৰি অৰণ্যত এৰি দিয়ে ৷