ইন্টাৰনেশ্যনেল ডেস্ক, 11 এপ্ৰিল : 15 জন চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসহিতে ভাৰতৰ ৰেপিড ৰেচপঞ্চ টীম (rapid response team) উপস্থিত হৈছে কুৱেইটত ৷ কৰ'ণা ভাইৰাছ প্ৰতিহত কৰিবৰ বাবে ভাৰতীয় বায়ুসেনাৰ এই দলটোক প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৷
প্ৰধানমন্ত্ৰী মোডী আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেইখ ছাবাহ-অল-খালেদ অল-হামাদ অল-ছাবাহে শেহতীয়াকৈ এক টেলিফোনিক বাৰ্তালাপ কৰে ৷ এই বাৰ্তালাপৰ পাচতে বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা COVID-19 মহামাৰীৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজিবলৈ দুই দেশৰ মুৰব্বীয়ে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ লগতে ভাৰতে rapid response team পঠাবলৈ সন্মতি প্ৰদান কৰে ৷
চিকিৎসা কৰ্মীৰ এই দলটোৱে দুসপ্তাহৰ বাবে কুৱেইটত থাকিব আৰু পৰীক্ষণ, আক্ৰান্তক চিকিৎসা প্ৰদানত সহযোগিতা আৰু কুৱেইটৰ চিকিৎসা কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰিব ৷