নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: গ্ৰেটাৰ নয়ডাৰ সুৰজাপুৰ এলেকাত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় এজন অভিযুক্ত ধৰ্ষণকাৰী ৷ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিয়ে এই বিষয়ে ৷ অভিযুক্তজন চনু নামেৰে চিনাক্ত কৰা হৈছে ৷ যাক POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল ৷
গ্ৰেটাৰ নয়ডাত আৰক্ষীৰ এনকাউণ্টাৰত আহত অভিযুক্ত ধৰ্ষণকাৰী - Noida
গ্ৰেটাৰ নয়ডাত আৰক্ষীৰ এনকাউণ্টাৰত আহত অভিযুক্ত ধৰ্ষণকাৰী ৷ অভিযুক্তজনক POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আৰক্ষীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰাৰ বাবে অভিযুক্তক গুলিয়ায় আৰক্ষীয়ে ৷
![গ্ৰেটাৰ নয়ডাত আৰক্ষীৰ এনকাউণ্টাৰত আহত অভিযুক্ত ধৰ্ষণকাৰী গ্ৰেটাৰ নয়ডাত আৰক্ষীৰ এনকাউণ্টাৰত আহত অভিযুক্ত ধৰ্ষণকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9266690-677-9266690-1603338437782.jpg)
গ্ৰেটাৰ নয়ডাত আৰক্ষীৰ এনকাউণ্টাৰত আহত অভিযুক্ত ধৰ্ষণকাৰী
অতিৰিক্ত আৰক্ষী আয়ুক্ত অংকুৰ আগৰৱালাই উল্লেখ কৰা অনুসৰি, "ধৰ্ষণৰ অভিযোগত অভিযুক্তজনক বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল ৷ অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰিছিল ৷ যাৰ বাবে আৰক্ষীয়ে গুলিওৱাৰ ফলত অভিযুক্তজন আহত হয় ৷"