অসম

assam

ETV Bharat / bharat

পত্নী দিপিকাই কৰি দিলে ৰণবীৰ সিঙৰ নতুন হেয়াৰ ষ্টাইল.. - ৰণবীৰ সিং

বলিউড অভিনেতা ৰণবীৰ সিঙে সোমবাৰে ইষ্টাগ্ৰামযোগে শ্বেয়াৰ এখন বিশেষ ছবি । য'ত অভিনেতা গৰাকীয়ে ছবিখনত কৰা হেয়াৰ ষ্টাইল তেখেতৰ পত্নী তথা অভিনেত্ৰী দিপিকা পাদুকনে কৰি দিয়া বুলি উল্লেখ কৰাৰ উপৰিও এই হেয়াৰ ষ্টাইল জাপানৰ অভিনেতা টছীৰো মিফিউনে ১৯৬১ চনত মুক্তি পোৱা য়োজিমম্বো ছবিত কৰা হেয়াৰ ষ্টাইলৰ লগত সাদৃশ্য আছে বুলি উল্লেখ কৰে ।

ৰণবীৰ সিং
ৰণবীৰ সিং

By

Published : Jul 21, 2020, 2:17 PM IST

নিউজ ডেস্ক, ২১ জুলাইঃ বন্ধুত্ব সুলভ ব্যৱহাৰ আৰু নিজৰ সাজসজ্জাৰ বাবে বলিউড জগত তথা অনুৰাগীৰ মাজত বিশেষ জনপ্ৰিয় ৰামলীলাৰ অভিনেতা ৰণবীৰ সিং । এই অভিনেতা গৰাকীয়ে সোমবাৰে ইষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে এখন বিশেষ ছবি । ছবিখনত অভিনেতা গৰাকীয়ে কৰা হেয়াৰ ষ্টাইল তেখেতৰ পত্নী তথা বলিউডৰ মোহময়ী অভিনেত্ৰী দিপিকা পাডুকনে কৰা বুলি ইষ্টাগ্ৰামত পোষ্ট কৰে অভিনেতা জনে । ইষ্টাগ্ৰামত ৩৫ বছৰীয়া ৰণবীৰে ছবিখনৰ সৈতে "Hair by: @deepikapadukone," বুলি পোষ্ট কৰে ।

লগতে পত্নী দিপিকাই কৰি দিয়া হেয়াৰ ষ্টাইল জাপানৰ অভিনেতা টছীৰো মিফিউনে ১৯৬১ চনৰ ছমুৰাই ছবি "য়োজিমম্বো"ত কৰা হেয়াৰ ষ্টাইলৰ লগত সাদৃশ্য় আছে বুলি মত প্ৰকাশ কৰে । লগতে দিপিকাই কৰি দিয়া হেয়াৰ ষ্টাইল ৰণবীৰৰ পছন্দ হোৱাৰ উপৰিও অনুৰাগীৰ কেনে লাগিছে বুলিও ইষ্টাগ্ৰামত প্ৰশ্ন উত্থাপন কৰে ৰণবীৰ সিঙে ।

ABOUT THE AUTHOR

...view details