হায়দৰাবাদ, 1 এপ্ৰিলঃ সমগ্ৰ বিশ্বই কোভিড-19 ৰ সৈতে যুঁজি থকা সময়ত মানবীয়তাৰ নিদৰ্শনেৰে ৰামজী গ্ৰুপৰ অধ্যক্ষ ৰামজী ৰাওৱে 20 কোটি টকা আগবঢ়াই । তেওঁ অন্ধপ্ৰদেশ আৰু তেলেংগনা এই দুয়োখন ৰাজ্যৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 10 কোটিকৈ সাহাৰ্য প্ৰদান কৰে ।
কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি - কোভিড-19
ৰামজী গ্ৰুপৰ অধ্যক্ষ ৰামজী ৰাওৱে অন্ধ প্ৰদেশ আৰু তেলেংগনা চৰকাৰলৈ 10 কোটিকৈ ধন আগবঢ়াই । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই ধনৰাশি দান কৰে ।

কোভিড-19ৰ বাবে যুজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি
লক ডাউন চলি থকাৰ বাবে দুয়োখন ৰাজ্যৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পৰা বিৰত থাকে আৰু অনলাইন যোগে আগবঢ়াই এই ধনৰাশি ।
ৰাওৱে কোভিড-19ৰ বিৰুদ্ধে যুঁজখনত সকলোৰে সু-স্বাস্থ্য কামনা কৰিছে ।
Last Updated : Apr 1, 2020, 12:21 PM IST