নেশ্যনেল ডেস্ক, 28 জুলাই :ৰিলায়েন্স কোম্পানীৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীৰ জ্যেষ্ঠ ভাতৃ ৰামনিকভাই আম্বানীৰ সোমবাৰে আহমেদাবাদত পৰলোকপ্ৰাপ্তি ঘটে ৷ 95 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে,ৰামনিকভাই আম্বানীয়ে ভাতৃ ধীৰুভাই আম্বানীৰ জীৱনৰ প্ৰতিটো সময় ভালদৰে প্ৰত্যক্ষ কৰিছিল ৷ ৰিলায়েন্সৰ আৰম্ভণিত ৰামনিকভাই আম্বানীৰো অশেষ অৱদান আছে ৷ টেক্সটাইল ব্ৰেণ্ড বিমলৰ নাম ৰামনিকভাই আম্বানীৰ পুত্ৰ বিমলৰ নামেৰে নামাকৰণ কৰিছিল ধীৰুভাই আম্বানীয়ে ৷ ৰামনিকভাইৰ কন্যা ইলাৰ সৈতে গুজৰাটৰ শক্তি মন্ত্ৰী সৌৰভ পেটেলৰ বিবাহ হৈছিল ৷