নতুন দিল্লী, 10 জানুৱাৰী : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে সোমবাৰে উচ্চস্তৰীয় এক বৈঠকৰ জৰিয়তে নতুন শিক্ষা নীতি-2020 ৰূপায়ণৰ বাবে বিভাগীয় কেতবোৰ দিশ আলোচনা কৰিব বুলি শিক্ষা মন্ত্রণালয়ৰ এক সূত্ৰই প্ৰকাশ কৰে।
শিক্ষা মন্ত্রণালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, "COVID-19 মহামাৰীৰ বাবে নতুন শিক্ষা নীতি-2020 ৰূপায়ণ আৰু প্ৰসাৰণ কৰিব পৰা নাছিল। এতিয়া, পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগতে নিম্ন শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়লৈ সকলো স্তৰতে পাঠদান আৰম্ভ হৈ গৈছে,গতিকে নতুন শিক্ষা নীতি কাৰ্যকৰী কৰিব পৰা সময় হৈছে ৷ নতুন শিক্ষা নীতি-2020 হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি-1986 ৰ সংশোধিত ৰূপ ৷ যিয়ে দেশৰ শিক্ষাৰ নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়ৰ শিক্ষালৈকে গুৰুত্ব আৰোপ কৰিছিল ৷