অসম

assam

ত্ৰিপুৰাৰ ৰাজ্যপালৰূপে শপত ল'লে ৰমেশ বাইস

By

Published : Jul 29, 2019, 7:03 PM IST

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ বাইসে ত্ৰিপুৰাৰ 18 সংখ্যক ৰাজ্যপালৰূপে শপতগ্ৰহণ কৰে ৷ সোমবাৰে ন্যায়াধীশ সঞ্জয় কাৰোল আৰু মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ উপস্থিতিত শপতগ্ৰহণ কৰে ৰাজ্যখনৰ নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে ৷

ৰাজ্যপালৰূপে শপতগ্ৰহণৰ মুহূৰ্তত ৰমেশ ব্যাছ

নিউজ ডেস্ক, 29 জুলাইঃ ছত্তিশগড়ৰ ৰায়পুৰ সমষ্টিৰ পৰা সাতবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ বাইসে ত্ৰিপুৰাৰ 18সংখ্যক ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু অন্যান্য চৰকাৰী বিষয়াসকলৰ উপস্থিতিত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোলে ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰায় ৷

আৰক্ষী সন্মান গ্ৰহণ নৱনিযুক্ত ৰাজ্যপালৰ

কাপ্তান সিং চোলাংকিৰ অৱসৰৰ পিচতেই আজি ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে 71 বছৰীয়া ৰমেশ বাইসে ৷ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰাৰ পিচতেই ৰাজধানী আগৰতলাস্থিত ৰাজভৱনত সামৰিক সন্মানেৰে আদৰণি জনোৱা হয় ৰাজ্যপালগৰাকীক ৷

ৰাজভৱনত চৰকাৰী প্ৰতিনিধিৰ সৈতে নৱনিযুক্ত ৰাজ্যপালগৰাকী

ABOUT THE AUTHOR

...view details