উত্তৰাখণ্ড, 19 জুন : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে যোগগুৰু বাবা ৰামদেৱে তেওঁৰ অনুৰাগীৰ কাৰণে উত্তৰাখণ্ডৰ হৰ কি পৌড়ীত যোগ প্ৰ'টকল ৰিহাৰ্ছেল শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে ৷ চলিত বৰ্ষত আয়ুষ মন্ত্ৰণালয়ে বৈদ্যুতিন আৰু ডিজিটেল মাধ্যত ব্যাপক কাৰ্যসূচীৰে আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৷ 21 জুনত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৷
উত্তৰাখণ্ডত বাবা ৰামদেৱৰ যোগ প্ৰ'টকল ৰিহাৰ্ছেল অনুষ্ঠানৰ আয়োজন - আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
কোভিড 19 মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ জনতাক পৰিয়ালৰ লগত শাৰীৰিক দুৰত্ব অব্যাহত ৰাখি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কোভিড 19 মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ জনতাক পৰিয়ালৰ লগত শাৰীৰিক দুৰত্ব অব্যাহত ৰাখি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে,যোগে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোগৰ ক্ষমতা বৃদ্ধি কৰি এটা সুস্থ আৰু সৱল শৰীৰ আৰু মনৰ গৰাকী হোৱাত সহায় কৰে ৷ চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনতাৰ উদ্দেশ্যে বাৰ্তা প্ৰেৰণ কৰিব ৷
লগতে পঢ়ক : তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ