নেশ্যনেল ডেস্ক, 27 মাৰ্চ শনিবাৰৰ পৰা দূৰদৰ্শনে পুনৰ সম্প্ৰচাৰণ কৰিব পৌৰাণিক কাহিনী 'ৰামায়ণ' ৷ দৰ্শকৰ বিপুল সঁহাৰিৰ বাবেই ৰামায়ণৰ পুনৰ সম্প্ৰচাৰণ কৰা হ'ব বুলি শুকুৰবাৰে মন্তব্য় কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে ৷
বহু চ'ছিয়েল মিডিয়া প্লেটফৰ্মে 21 দিনীয়া ৰাষ্ট্ৰজোৰা ল'কডাউনৰ সময়ছোৱাত ৰামায়ণ সাগৰৰ পৰিচালনাৰ ৰামায়ণ আৰু বি. আৰ. চোপ্ৰাৰ মহাভাৰত সম্প্ৰচাৰণ কৰিবলৈ দাবী জনাইছিল ৷ এই দাবীৰ পাচতে প্ৰচাৰ ভাৰতীৰ মুখ্য় কাৰ্যবাহী বিষয়া শশী শেখৰে দুদিন আগতে মন্তব্য় কৰিছিল যে, এই সম্পৰ্কত তেওঁলোকে চিন্তা-চৰ্চা কৰি আছে ৷
এই সম্পৰ্কত শুকুৰবাৰে টুইটাৰৰ জৰিয়তে তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে কয়, "এই কথা জনাবলৈ পাই সুখী হৈছো যে, 28 মাৰ্চ, শনিবাৰৰ পৰা ৰামায়ণৰ পুনৰ সম্প্ৰচাৰণ কৰা হব ৷ এটা খণ্ড পুৱা 9 বজাৰ পৰা 10 বজালৈ আৰু আনটো খণ্ড সন্ধিয়া 9 বজাৰ পৰা 10 বজালৈ সম্প্ৰচাৰণ কৰা হব ৷"