অসম

assam

By

Published : Dec 30, 2020, 12:56 PM IST

ETV Bharat / bharat

এইবাৰ আইআইটি সমূহৰ পৰামৰ্শত প্ৰস্তুত হ'ব ৰাম মন্দিৰৰ মডেল

পুনৰ দেশৰ আইআইটি সমূহক ৰাম মন্দিৰ নিৰ্মাণৰ মডেল তৈয়াৰ বাবে আহ্বান জনালে ৰাম মন্দিৰ নিৰ্মাণ সমিতিয়ে ৷ কিয়নো ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পূৰ্বে মডেল প্ৰস্তুত কৰা হৈছিল যদিও মন্দিৰ নিৰ্মাণ স্থলীৰ তলত শৰায়ু নদীৰ এটা প্ৰবাহ প্ৰবাহিত হৈছে ৷ যাৰ ফলস্বৰূপে পূৰ্বে প্ৰস্তুত কৰা মডেলত মন্দিৰ নিৰ্মাণ কৰাত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে ৷

Ram temple trust asks IITs to suggest models for strong foundation of temple
এইবাৰ আইআইটি সমূহৰ পৰামৰ্শত প্ৰস্তুত হ'ব ৰাম মন্দিৰৰ মডেল

নিউজ ডেস্ক, 30 ডিচেম্বৰ : অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত পুনৰ দেশৰ আইআইটি সমূহক মডেল তৈয়াৰ বাবে আহ্বান জনালে ৰাম মন্দিৰ নিৰ্মাণ সমিতিয়ে ৷ এক সূত্ৰই সদৰি কৰা অনুসৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পূৰ্বে মডেল প্ৰস্তুত কৰা হৈছিল যদিও মন্দিৰ নিৰ্মাণস্থলীৰ তলত শৰায়ু নদীৰ এটা প্ৰবাহ প্ৰবাহিত হৈছে ৷ যাৰ ফলস্বৰূপে পূৰ্বে প্ৰস্তুত কৰা মডেলত মন্দিৰ নিৰ্মাণ কৰাত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে ৷

এই সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব নিৰপেন্দ্ৰ মিশ্ৰৰ সভাপতিত্বত মঙলবাৰে এক সভা অনুষ্ঠিত ৷ এই সভাত ৰাম মন্দিৰ নতুন মডেল তৈয়াৰৰ বিষয়টো আলোচনা কৰা হয় ৷

উল্লেখ্য যে,সূত্ৰটোৱে সদৰি কৰা মতে সভাতে ৰাম মন্দিৰ নিৰ্মাণ সমিতিয়ে শক্তিশালী ভেঁটি নিৰ্মাণৰ বাবে উন্নত মানৰ মডেল প্ৰস্তুত কৰাত দেশৰ আইআইটি প্ৰতিষ্ঠান সমূহক আহ্বান জনোৱা হৈছে ৷

লগতে পঢ়ক:প্ৰাপ্য বিচাৰি শ্বহীদ হ’ল ৰেৱতী পাউ

ABOUT THE AUTHOR

...view details