অযোধ্যা,3 জানুৱাৰী : মকৰ সংক্ৰান্তিৰ দিনটোতে আৰম্ভ কৰা হ’ব ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম ৷ এই মন্দিৰৰ নিৰ্মাণকাৰ্য পৰৱৰ্তী 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব ৷ শ্ৰীৰামৰ জন্মভূমি ট্ৰাষ্টে শনিবাৰে সদৰী কৰে এই কথা ৷ মন্দিৰ নিৰ্মাণ ট্ৰাষ্টে সদৰী কৰা অনুসৰি,15 জানুৱাৰীৰ পৰা এই মন্দিৰৰ নিৰ্মাণ আৰম্ভ কৰা হ’ব আৰু তাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় নক্সা তৈয়াৰ কৰা হৈছে ৷
প্ৰায় 5 একৰ ভূমিৰ এই চৌহদত নিৰ্মাণ হ’বলগীয়া তিনিমহলীয়া এই মন্দিৰৰ দৈৰ্ঘ হ’ব 360 ফুট, বহল 235 ফুট আৰু উচ্চতা 161 ফুট ৷ দীৰ্ঘম্যাদী হ’বলৈ এই মন্দিৰ নিৰ্মাণ কাৰ্যত বিশেষ প্ৰকাৰৰ চিমেণ্ট ব্যৱহাৰ কৰা হ’ব, যাৰ আয়ুসৰেখা প্ৰায় 800 বছৰ ৷ ৰাম মন্দিৰত খটখটীৰ ব্যৱস্থা থকাৰ লগতে থাকিব এস্কেলেটৰ ৷ তদুপৰি বয়োজ্যেষ্ঠ লোকসকলৰ বাবে থাকিব লিফটৰ সা-সুবিধা ৷ অৱশিষ্ট 65 একৰ ভূমিত সমান্তৰালভাৱে অন্যান্য নিৰ্মাণ কাৰ্যসমূহ চলি থাকিব ৷
ট্ৰাষ্টে প্ৰকাশ কৰা অনুসৰি 2023 চনৰ ডিচেম্বৰ মাহত এই মন্দিৰৰ নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ মন্দিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় 50,000 ভক্তই প্ৰতিদিনে মন্দিৰ দৰ্শন কৰিব পাৰিব ৷