অসম

assam

ETV Bharat / bharat

2020 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য - ৰাম মন্দিৰ নিৰ্মাণ নিউজ

বহু প্ৰত্যাশিত অযোধ্যা ভূমি বিবাদৰ অন্ত পেলাই উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ পিচতে আগন্তুক বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ কাম ৷ সংবাদ প্ৰতিষ্ঠান ANIএ এই সম্পৰ্কে বাতৰি প্ৰকাশ কৰিছে ৷

2020 এপ্ৰিলৰ পৰা আৰম্ভ ৰাম মন্দিৰ নিৰ্মাণৰ কাম

By

Published : Nov 17, 2019, 1:26 PM IST

Updated : Nov 17, 2019, 2:15 PM IST

নেশ্বনেল ডেস্ক, 17 নৱেম্বৰঃ 2020 চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ কাম ৷ বিশেষ সূত্ৰৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠান ANIএ এই সম্পৰ্কে বাতৰি প্ৰকাশ কৰিছে ৷ উত্তৰ প্ৰদেশৰ অযোধ্যাত 2022 চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্যৰে মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব ৷

লগতে পঢ়কঃ কণিকা প্ৰদূষকৰ মাত্ৰাধিক্যই ভাৰতক অস্বাস্থ্যকৰ ক্ষেত্ৰলৈ পৰ্যবসিত কৰিছে -সত্যপাল মেনন

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কেন্দ্ৰই বহু-সদস্যভুক্ত ন্যাস গঠন কৰিব ৷ 14ৰ পৰা 17 জনীয়া সদস্যভুক্ত হ'ব মন্দিৰ নিৰ্মাণৰ দায়িত্বত থকা ন্যাসটো ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাও এই ন্যাসৰ সদস্যভুক্ত হ'ব যদিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদস্যসকলক নিৰ্বাচন কৰিব ৷ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, মন্দিৰ নিৰ্মাণৰ বাবে 67 একৰ ভূমি প্ৰদান কৰা হৈছে যদিও ইয়াৰ বাবে প্ৰয়োজন হ'ব 100 একৰ ভূমিৰ ৷ ইয়াৰ বাবে অতিৰিক্ত 33 একৰ ভূমি প্ৰয়োজন হ'ব ৷ সেয়ে চৰকাৰৰ বাবে 5 একৰ ভূমি অন্য পক্ষক প্ৰদান কৰাটো সম্ভৱপৰ নহ'ব ৷ সেয়ে মছজিদ নিৰ্মাণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ অন্য প্ৰান্তত ভূমি প্ৰদান কৰিব লাগিব ৷ ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত কেন্দ্ৰই হস্তক্ষেপ কৰিব নোৱাৰিব ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে সকলো দায়িত্ব গ্ৰহণ কৰিব ৷

লগতে পঢ়কঃ সফল পৰীক্ষণ বেলিষ্টিক মিচাইল ‘অগ্নি-2’ ৰ

হনুমানগ্ৰাহীক মুখ্যস্থল হিচাপে লৈ অযোধ্যাক পুনৰ নিৰ্মাণ কৰিব চৰকাৰে ৷ প্ৰায় 388 বৰ্গ কিলোমিটাৰত অযোধ্যাক পুনৰ নিৰ্মাণ কৰা হ'ব ৷ আউটাৰ ৰিং ৰোড, স্মাৰ্ট চিটী, পাৰ্ক, বাছ ষ্টেণ্ড, ৰেলৱে ষ্টেচনকে ধৰি বিমানবন্দৰ আৰু অন্যান্য সুবিধাসমূহ উপলব্ধ হ'ব ৷

Last Updated : Nov 17, 2019, 2:15 PM IST

ABOUT THE AUTHOR

...view details