নেশ্যনেল ডেস্ক, 29 জুলাই :অযোধ্যাৰ ৰাম মন্দিৰত ভূমিপূজন উৎসৱৰ বাবে সকলোবোৰ আয়োজন সম্পূৰ্ণ হৈ উঠিছে ৷ 5 আগষ্টৰ দিনা অযোধ্যাত আয়োজন কৰা হ'ব এই উৎসৱৰ ৷ দিনৰ 11 বজাত আৰম্ভ হ'ব লগা এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰিব 200 হাই-প্ৰফাইল ব্যক্তিয়ে ৷
এই উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 32 ছেকেণ্ডৰ সময়ত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ৷ ৰাম জন্মভূমি আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা জ্যেষ্ঠ বিজেপি আৰু আৰএছএছ নেতাসকল এই উৎসৱত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷
মন্দিৰ নিৰ্মাণকাৰ্য চিহ্নিত কৰিবৰ বাবে 'দিপোৎসৱ'ৰ আয়োজন
দেৱালী উপলক্ষ্যে যোৱাবাৰ সৰায়ু নদীৰ পাৰত 6 লাখ চাকি জ্বলাই অযোধ্যাই গ্ৰীনিজ বুক অৱ ওৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছিল ৷ এইবাৰো অযোধ্যাই বিশাল দিপোৎসৱ পালনৰ বাবে সাজু হৈছে ৷
PMO লৈ উপস্থিত থাকিবলগা ব্যক্তিৰ তালিকা প্ৰেৰণ কৰিছে মন্দিৰ ট্ৰাষ্টে
শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ উপস্থিত থাকিবলগা ব্যক্তিৰ চূড়ান্ত তালিকা প্ৰেৰণ কৰিছে ৷ বৰ্তমানলৈকে এই লোকসকলৰ নাম প্ৰকাশ কৰা নাই ৷
200 লোকৰ বাবে সৰ্বসন্মতি
ভূমিপূজনৰ বাবে মন্দিৰ ট্ৰাষ্টে 268 জন লোকৰ তালিকা প্ৰস্তুত কৰিছিল যদিও সৰ্বসন্মতিৰ পাচত উপস্থিত লোকৰ সংখ্যা 200 লৈ হ্ৰাস কৰা হয় ৷ এটা ব্লকত 50 জনকৈ লোক বহিব পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এটা ব্লকত বহিব দেশৰ শীৰ্ষ সাধু, সন্ত আৰু মহন্তসকলে, আনহাতে আন এটা ব্লকত বহিব ৰাম মন্দিৰ আন্দোলনত জড়িত থকা শীৰ্ষ নেতাসকল ৷ এটা ব্লকত থাকিব উদ্যোগপতি, জ্যেষ্ঠ আমোলাতন্ত্ৰ আৰু অন্যান্য ব্যক্তিসকল ৷ এই উৎসৱত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব ৷