নেশ্বনেল ডেস্ক, 31 আগষ্ট : বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অসমত শনিবাৰে প্ৰকাশ পোৱা চূড়ান্ত এনআৰচি সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ এই সম্পৰ্কত মাধৱে কয় যে, শেহতীয়াকৈ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পালে ৷ 19 লাখ লোক এতিয়াও স্থান লাভৰ বাবে অপেক্ষাৰত ৷ আইন ব্যৱস্থা ৰক্ষাৰ বাবে অসমৰ সোণোৱাল চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
উল্লেখ্য যে, শনিবাৰে এনআৰচি প্ৰকাশ পোৱাৰ পাছতে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই মন্তব্য কৰিছিল যে, সৰ্বমুঠ 3 কোটি লোকে চূড়ান্ত তালিকাত স্থান লাভ কৰিছে ৷ ইয়াৰোপৰি, যিসকলে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে বিদেশী ন্যায়াধিকৰণৰ ওচৰত আহ্বান জনাব পাৰিব ৷