অসম

assam

ETV Bharat / bharat

কাশ্মীৰৰ সমস্যাসমূহ চৰকাৰে যথেষ্ট সংবেদনশীলতাৰে সমাধান কৰিব লাগিব !

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে শুক্ৰবাৰে কয় যে 370 নং অনুচ্ছেদ বাতিলক লৈ লাডাখ আৰু কাশ্মীৰৰ লোকসকল সুখী, কিন্তু এতিয়াও কাশ্মীৰ উপত্যকাত কিছু সমস্যাৰ বিষয় আছে বুলি মত প্ৰকাশ কৰে ৷

370 নং অনুচ্ছেদ সম্পৰ্কে ৰাম মাধৱ

By

Published : Oct 5, 2019, 8:48 PM IST

Updated : Oct 5, 2019, 10:17 PM IST

নেশ্বনেল ডেক্স, 5 অক্টোবৰঃ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে শুক্ৰবাৰে কয় যে, 370 নং অনুচ্ছেদ বাতিলক লৈ লাডাখ আৰু কাশ্মীৰৰ লোকসকল সুখী, কিন্তু এতিয়াও কাশ্মীৰ উপত্যকাত কিছু সমস্যাৰ বিষয় আছে বুলি মত প্ৰকাশ কৰে ৷ জম্মু-কাশ্মীৰৰ জম্মু অঞ্চল সুখী কিয়নো দেশৰ বাকী অঞ্চলৰ লগত জম্মু এতিয়া সম্পূৰ্ণ একত্ৰিত হ’বলৈ সক্ষম হৈছে ; কিন্তু কাশ্মীৰ এতিয়াও বহু সমস্যাৰে জৰ্জৰিত ৷ তেওঁ কয় যে, এই সমস্যাবোৰ যথেষ্ট সংবেদনশীলতাৰে চৰকাৰে সমাধান কৰিব ৷

লাডাখৰ লোকসকল আজি সুখী আৰু আনন্দিত যে, তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হৈছে, বিজেপিৰ ৰাষ্ট্ৰীয় একতা মৰ্চাত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে ৰাম মাধৱে ৷ তেওঁ লগতে কয় যে, নিৰ্ণয়ৰ প্ৰভাৱশীলতাৰ বিষয়ে কাশ্মীৰৰ লোকসকলক অতি শীঘ্ৰেই সহযোগিতা আগবঢ়াব ৷ ৰাম মাধৱে আৰু কয় যে, বিগত দুমাহ ধৰি কাশ্মীৰত সৈনিক বলৰ দ্বাৰা কোনো ধৰণৰ হতাহত হোৱা নাই ৷ ‘‘প্ৰত্যেক কাশ্মীৰী ৰাষ্ট্ৰবিৰোধী আৰু বিচিন্নতাবাদী নহয় ৷’’ তেওঁলোকো আমাৰ মাজৰে একোজন বুলি মন্তব্য কৰে ৷

370 বাতিল কৰাৰ উদ্দেশ্য আছিল সম বিকাশৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আৰু জম্মু কাশ্মীৰৰ লোকসকলৰ সন্মানজনক জীৱন যাপন কৰাৰ অধিকাৰ প্ৰদান কৰা ৷ কেন্দ্ৰীয় চৰকাৰে 5 আগষ্টত 370 ধাৰা বাতিল কৰি দিছিল, যিয়ে জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ খাৰিজ কৰিছিল আৰু লাডাখ আৰু জম্মু কাশ্মীৰ ৰূপে দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশত বিভাজিত কৰা হৈছিল ৷ 31 অক্টোবৰৰ পৰা প্ৰদেশ দুখন কাৰ্যকৰী কৰা হ’ব ৷

370 নং অনুচ্ছেদ সম্পৰ্কে ৰাম মাধৱ
Last Updated : Oct 5, 2019, 10:17 PM IST

ABOUT THE AUTHOR

...view details