চিটাৰা ডেস্ক,2 এপ্ৰিলঃ বলীউড ক্ষেত্ৰখনত বৰ্তমানলৈকে এগৰাকী কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সেয়া হৈছে জনপ্ৰিয় গায়িকা কণিকা কাপুৰ ৷ তেওঁক বৰ্তমান আইচ'লেচনৰ মাজত ৰখা হৈছে ৷ ইয়াৰ মাজতে বুধবাৰে চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বৰ্মাই নিজে কৰ'ণা পজিটিভ বুলি এটা টুইট কৰে ৷ টুইটটো শ্বেয়াৰৰ পিছতে আচৰিত হৈ পৰে বি-টাউনবাসীৰ লগতে তেওঁৰ সমগ্ৰ অনুৰাগী ৷ এই টুইটটো যথেষ্ট কমেন্টেৰে উপচি পৰে ক্ষন্তেকতে ৷
কিন্তু প্ৰায় 14 মিনিট পিছতে পৰিচালক গৰাকীয়ে পুনৰ এটা টুইট কৰে, য'ত তেওঁ ক্ষমা প্ৰকাশ কৰি লিখে যে তেওঁৰ চিকিৎসকে 'এপ্ৰিল ফুল' বনালে তেওঁক ৷ লগতে কয় ,এই ভুল ডক্তৰ গৰাকীৰহে তেওঁৰ নহয় ৷