নিউজ ডেস্ক, 20 নৱেম্বৰঃ বুধবাৰে ৰাজ্যসভাৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকাত অসমৰ কেইবাটাও প্ৰসংগই স্থান লাভ কৰে ৷ বিশেষকৈ ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ কালত এন আৰ চি,নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু নুমলীগড় ৰিফাইনেৰীৰ ব্যক্তিগতকৰণ আদি প্ৰসংগই বিশেষভাৱে স্থান লাভ কৰে ৷
সময় 11 বাজি 29 মিনিটঃ
ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নুমলীগড়ৰ ৰিফাইনেৰীৰ ব্যক্তিগতকৰণৰ প্ৰসংগত পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা চলায় ৷ তেওঁ কয় যে,নুমলীগড়ৰ ৰিফাইনেৰী অসম সৰ্বসাধাৰণ ৰাইজৰ আবেগৰ সৈতে জড়িত এটি বিষয় ৷ 1885 চনত স্বাক্ষৰিত ঐতিহাসিক অসম চুক্তিৰ আধাৰত নুমলীগড়ৰ ৰিফাইনেৰী স্থাপন কৰা হৈছিল ৷ ৰিফাইনেৰীটোৰ জৰিয়তে চৰকাৰে কোটি কোটি টকা কৰ আদায় কৰাৰ লগতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু নিৱনুৱা সংস্থাপন লাভ কৰিছে ৷ এয়া অসমৰ জনাসাধাৰণ তথা প্ৰত্যেকটো দল সংগঠনৰ দাবী কোনোপধ্যেই নুমলীগড়ৰ ৰিফাইনেৰীৰ ব্যক্তিগতকৰণ হ'ব নালাগে ৷
এন আৰ এলৰ পৰা এন আৰ চি, কেবাটাও প্ৰসংগত সৰৱ চৰ্চা ৰাজ্যসভাত লগতে পঢ়কঃ সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এন আৰ চিঃ অমিত শ্বাহ
ৰিপুন বৰাৰ পাচতেই ৰাজ্যসভাৰ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে,এয়া সকলোৰে বাবে জ্ঞাত যে অসম ভাৰতৰে ভিতৰত অন্যতম এখন তেল উৎপাদনকাৰী ৰাজ্য ৷ ডিগবৈত এছিয়াৰ ভিতৰতে প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল ৷ ইউ পি এৰ পৰা আৰম্ভ কৰি এন ডি এ লৈকে প্ৰত্যেকখন চৰকাৰে ডিগবৈৰ ওপৰত অসমৰ ৰাইজৰ আবেগ আৰু অনুভূতিক আঘাত কৰি আহিছে আৰু এইবাৰ একেটাই কাৰ্য নুমলীগড়ৰ ৰিফাইনেৰীৰ ক্ষেত্ৰতো কৰিবলৈ যোৱা হৈছে ৷
ৰাজ্যসভাত কেইবাটাও প্ৰসংগ সময় 12 বাজি 49 মিনিটঃ
ৰাজ্যত শেহতীয়া প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত গৃহমন্ত্ৰীক প্ৰশ্ন কৰে কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সাংসদ ছৈয়দ নাছিৰ হুছেইনে ৷ তেওঁ কয় যে, এন আৰ চিৰ জৰিয়তে যিসকল লোক চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আহিছে বিশেষকৈ অমুছলমান সম্প্ৰদায়ৰ লোক তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব নেকি ?
ৰাজ্যসভাত কেইবাটাও প্ৰসংগ লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব এন চি পি নেতা শাৰদ পাৱাৰে
উত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কোনো ধৰণৰ উল্লেখ নাই যে, অন্য ধৰ্মৰ লোকক যিসকলে ভাৰতত প্ৰব্ৰজন হৈ আহিছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷ ইয়াত কোনো ধৰণৰ বৈষম্যতা কৰা নহয় ৷ সকলো ধৰ্মৰ ভাৰতীয় লোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷ এন আৰ চি এটা অন্য বিষয়, নাগৰিকত্ব সংশোধনী বিধেয়ক এটা অন্য বিষয় বুলি জনায় গৃহমন্ত্ৰীগৰাকীয়ে ৷
ৰাজ্যসভাত কেইবাটাও প্ৰসংগ কলিকতাৰ তৃণমূল সাংসদ স্বপন দাস গুপ্তাই প্ৰশ্ন কৰে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে বিগত 7 ছেপ্তেম্বৰত ৰাজপত্ৰত কৰা ঘোষণা সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব নেকি ?
এন আৰ এলৰ পৰা এন আৰ চি, কেবাটাও প্ৰসংগত সৰৱ চৰ্চা ৰাজ্যসভাত সাংসদগৰাকীৰ প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অসমত চলি থকা এন আৰ চিৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ তত্বৱধানত চলি আছে ৷ আৰু অসম চুক্তিৰ আধাৰত ৰাজ্যখনত এন আৰ চিৰ কাম চলি আছে ৷ যিসময়ত সমগ্ৰ দেশজুৰি এন আৰ চিৰ কাম আৰম্ভ হ'ব তেতিয়া স্বাভাৱিকভাৱে অসমতো পুনৰ এন আৰ চিৰ কাম চলোৱা হ'ব ৷
ৰাজ্যসভাত কেইবাটাও প্ৰসংগ ইপিনে, অসমৰ সাংসদ ৰিপুন বৰাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ চাৰি মাহৰ পাচতো কিয় এইপৰ্যন্ত তালিকাৰ পৰা বাদ পৰা মানুহৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই সেই সন্দৰ্ভত প্ৰশ্ন কৰে ?
ৰাজ্যসভাত কেইবাটাও প্ৰসংগ উত্তৰত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে,যিসকল নাগৰিকৰ নাম চূড়ান্ত খচৰাত বাদ পৰিছে তেওঁলোকে বিদেশী ন্যায়াধীকৰণত আবেদন জনাব পাৰে ৷ ৰাজ্য চৰকাৰে প্ৰত্যেকটো অঞ্চলতে বিদেশী ন্যায়াধীকৰণ আদালত প্ৰতিষ্ঠা কৰিব ৷ নাম বাদ পৰা সকলে আবেদন কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিব ৷