অসম

assam

By

Published : Feb 25, 2020, 4:28 PM IST

Updated : Feb 25, 2020, 7:23 PM IST

ETV Bharat / bharat

17খন ৰাজ্যৰ 55খন আসনৰ বাবে ৰাজ্যসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা

নিৰ্বাচন আয়োগৰ বিশেষ ঘোষণা ৷ 17খন ৰাজ্যৰ 55খন আসনৰ বাবে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 26 মাৰ্চ তাৰিখে ৷

rajyasabha election date announced
ৰাজ্যসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা

দিল্লী,25 ফেব্ৰুৱাৰীঃ ঘোষণা হ'ল ৰাজ্যসভাৰ 55 খন আসনৰ বাবে নিৰ্বাচনৰ তাৰিখ ৷ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, অহা 26 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব 17 খন ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচন ৷ উল্লেখ্য যে, ভোটদানৰ পিছতেই অনুষ্ঠিত হ'ব ভোটগণনা ৷

মধ্যপ্ৰদেশৰ তিনিখন আৰু ছট্টিশগড়ৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন ৷ উল্লেখ্য যে, এপ্ৰিল মাহত কংগ্ৰেছৰ ৰাজ্যভাৰ সাংসদ দিগ্বিজয় সিং, বিজেপিৰ প্ৰভাত ঝা আৰু সত্যনাৰায়ণ জাটিয়াৰ কাৰ্যকাল সম্পূৰ্ণ হ'ব ৷

  • ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰী হ'ব 6 মাৰ্চ তাৰিখে
  • মনোনয়ন দাখিলৰ শেষ তাৰিখ হ'ব 13 মাৰ্চ
  • 16 মাৰ্চত কৰা হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা
  • মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম তাৰিখ 18 মাৰ্চ
  • 26 মাৰ্চত হ'ব ভোটদান প্ৰক্ৰিয়া
  • পুৱা 9 বজাৰ পৰা 4 বজালৈকে হ'ব ভোটদান
  • ভোটদানৰ পিছতেই অনুষ্ঠিত হ'ব ভোটগণনা
  • 30 মাৰ্চত সম্পন্ন হ'ব ৰাজ্যসভাৰ নিৰ্বাচনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া

লগতে পঢ়কঃতাজমহলে হৃদয় জুৰালে ট্ৰাম্প দম্পতিৰ

Last Updated : Feb 25, 2020, 7:23 PM IST

ABOUT THE AUTHOR

...view details