নিউজ ডেস্ক, 19 নৱেম্বৰঃসোমবাৰৰ পৰা অনুষ্ঠিত হৈছে লোকসভা আৰু ৰাজ্যসভাৰ শীতকালীন অধিৱেশন ৷ 250 সংখ্যক ৰাজ্যসভা অধিৱেশনৰ প্ৰথমটো দিনত দেখা গ'ল কিছু সাল-সলনি ৷ ৰাজ্যসভাৰ অধ্যক্ষ আসনৰ দুয়োকাষে থকা মাৰ্চেলৰ পোচাকত পৰিৱৰ্তন প্ৰত্যক্ষ কৰা গ'ল ৷ অতি সাধাৰণ পোছাক পৰিধান কৰা মাৰ্চেল সমূহে সোমবাৰে সেনা বিষয়া সদৃশ পোচাক পৰিধান কৰা দেখা যায় ৷
সোমবাৰে অধ্যক্ষৰ দুয়োকাষে থকা মাৰ্চেল দুগৰাকীয়ে নীলা ৰঙৰ সেনা বিষয়া সদৃশ বস্ত্ৰ পৰিধান কৰে ৷ উচ্চ সদনৰ শীতকালীন অধিৱেশনত মাৰ্চেল সকলে নীলা বস্ত্ৰ পৰিধান কৰাৰ বিপৰীতে গ্ৰীষ্মকালীন অধিৱেশনত ভাৰতীয় নৌ-সেনাৰ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব ৷