অসম

assam

ETV Bharat / bharat

ৰাজ্যসভা নিৰ্বাচন 2020 : গুজৰাটত বিজেপিৰ তিনি, কংগ্ৰেছৰ এখন আসন দখল - মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ তিনিখন

অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটৰ চাৰিখন, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ তিনিখন, ঝাৰখণ্ডৰ দুখন আৰু মনিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ এখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷

গুজৰাটত বিজেপিৰ তিনি, কংগ্ৰেছৰ এখন আসন দখল
ৰাজ্যসভা নিৰ্বাচন 2020

By

Published : Jun 20, 2020, 8:25 AM IST

নেশ্যনেল ডেস্ক, 20 জুন : শাসনাধিষ্ঠ ৱাইএছআৰ (YSR) কংগ্ৰেছে অন্ধ্ৰ প্ৰদেশত চাৰিখনেই আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, গুজৰাটত বিজেপিয়ে তিনিখন আৰু কংগ্ৰেছে এখন আসন দখল কৰিছে ৷

ৰাজ্যসভা নিৰ্বাচন 2020

মধ্যপ্ৰদেশত বিজেপিয়ে দুখন, ৰাজস্থান, ঝাৰখণ্ড আৰু মনিপুৰত এখনকৈ আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে ৰাজস্থানত দুখন আৰু মধ্য প্ৰদেশত এখন আসন লাভ কৰিছে ৷

ৰাজস্থানত শাসনাধিষ্ঠ কংগ্ৰেছে তিনিখনৰ ভিতৰত দুখন আসন দখল কৰিবলৈ সক্ষম হৈছে ৷ ৰাজস্থানৰ দুখন আসনত কে. চি. বেনুগোপাল আৰু নীৰজ দাংগিয়ে জয় লাভ কৰিছে ৷ আনহাতে, বিজেপি দলৰ হৈ ৰাজেন্দ্ৰ গেহলটে জয়লাভ কৰে ৷ ইয়াৰ ফলত ৰাজস্থানৰ 10 জনীয়া আসনত 3 খন কংগ্ৰেছে লাভ কৰাৰ পৰিৱৰ্তে 7 খন বিজেপিৰ দখলত আছে ৷

উল্লেখ্য যে, দেশৰ 8 খন ৰাজ্যৰ 19 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ পূৰ্বে 26 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হৈছিল যদিও কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল ৷

লগতে পঢ়ক : বায়ুসেনাৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণ আৰ কে এছ ভদোৰীয়াৰ

ABOUT THE AUTHOR

...view details