নেশ্যনেল ডেস্ক, 23 ছেপ্তেম্বৰ :বুধবাৰে 11 গৰাকী সাংসদক বিদায় সম্ভাষণ প্ৰদান কৰে ৰাজ্যসভাই ৷ চলিত বৰ্ষৰ নৱেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিব এই 11 গৰাকী সাংসদে ৷
সদনৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ এম.ভেংকায়া নাইডুয়ে উল্লেখ কৰে যে,উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 11 গৰাকী সাংসদে নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব ৷ এই সকলৰ ভিতৰত উল্লেখযোগ্য হৈছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰী,সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ,বিএছপিৰ নেতা বীৰ সিং আৰু কংগ্ৰেছৰ ৰাজ বাব্বৰ ৷
তেওঁলোকৰ উপৰিও আছে : জাভেদ আলী খান (এছপি), পি. এল. পুনীয়া (কংগ্ৰেছ), ৰাজাৰাম (বিএছপি), অৰুণ সিং (বিজেপি), ৰবি প্ৰকাশ বৰ্মা (এছপি) আৰু চন্দ্ৰপাল সিং যাদৱ (এছপি) ৷
নাইডুয়ে কয় যে,পুনঃ নিৰ্বাচনৰ জৰিয়তে কিছু সংখ্যক সদস্যই সদনত পুনৰ স্থান অধিকাৰ কৰিব ৷