নেশ্যনেল ডেস্ক, ৩ অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণ কাণ্ডৰ ন্যায়ৰ দাবীত সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে হাথৰসৰ বি জে পি সাংসদ ৰাজবীৰ সিং দলেৰ অশালীন মন্তব্য কৰিছে । মুম্বাইৰ গীতা নগৰৰ কলৱাৰ বাল্মিকী সমাজৰ এগৰাকী নেতাৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত সাংসদগৰাকীয়ে কয় যে, হাথৰসৰ ঘটনাৰ মীমাংসা ইতিমধ্যে হৈছে । ধৰ্ষিতা যুৱতীৰ পৰিয়াললৈ ২৫লাখ টকা ক্ষতিপূৰণ হিচাপে আগবঢ়োৱাৰ লগতে এটা বাসগৃহ আৰু যুৱতীগৰাকীৰ ভাতৃৰ চাকৰিৰ ব্যৱস্থাও কৰা হৈছে বুলি মন্তব্য কৰে ।
হাথৰস গণধৰ্ষণ কাণ্ডক লৈ অশালীন মন্তব্য বি জে পি সাংসদৰ
উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণ কাণ্ডক লৈ অশালীন মন্তব্য হাথৰসৰ বি জে পি সাংসদ ৰাজবীৰ সিং দলেৰৰ। ছ'চিয়েল মিডিয়াত ভাইৰেল অডিঅ' ক্লিপ । ধৰ্ষণৰ বলি হোৱা যুৱতীৰ পৰিয়ালক ক্ষতিপূৰণ দি সমস্যাৰ সমাধান কৰাৰ লগতে মৃত যুৱতীগৰাকী এতিয়া উভতি নাহে বুলিও মন্তব্য কৰে বি জে পি সাংসদগৰাকীয়ে ।
কেৱল এয়াই নহয়, মৃত যুৱতীগৰাকী এতিয়া পুনৰ উভতি নাহে বুলিও তৰল মন্তব্য কৰে বি জে পি সাংসদ ৰাজবীৰ সিং দলেৰে । গণধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ ন্যায় লাভক লৈ বাল্মিকী সমাজৰ নেতাগৰাকীয়ে সাংসদগৰাকীৰ লগত কথা পাতিছিল । যুৱতীগগৰাকীৰ অন্ত্য়েষ্টিক্ৰিয়া কিয় পৰিয়ালৰ লোকৰ অনুমতি অবিহনে কৰা হ'ল আৰু ইয়াৰ বাবে আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে তাৰ পৰিণতি কি হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাজবীৰ সিং দলেৰে বাল্মিকী সমাজৰ নেতাগৰাকীক কয় যে, আপুনি নিজেই আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কিয় নকৰে বুলি অসংবেদনশীল মন্তব্য কৰে । ছ'চিয়েল মিডিয়াত বাৰ্তালাপৰ অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতে সকলোৱে ককৰ্থনা কৰিছে বি জে পি সাংসদগৰাকীক ।
লগতে পঢ়ক :প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ