অসম

assam

ETV Bharat / bharat

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পন কৰাৰ দাবীৰে দিল্লীত প্ৰতিবাদ - Rajput Karni Sena demands CBI probe into Sushant's case, four arrested

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পন কৰাৰ দাবীৰে দেওবাৰে, ইণ্ডিয়া গেটৰ ওচৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰাজপুত কৰনি সেনাই ৷

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত

By

Published : Aug 17, 2020, 7:38 AM IST

নেশ্যনেল ডেস্ক, 17 আগষ্ট:দেওবাৰে ৰাজপুত কৰনি সেনাই ইণ্ডিয়া গেটৰ ওচৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ তেওঁলোকে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পন কৰিবলৈ দাবী জনায় ৷

হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে "বলীউড মুৰ্দাবাদ," "সুশান্ত সিং ৰাজপুতৰ হত্যাকাৰীক ফাঁচী দিয়ক," "মহাৰাষ্ট্ৰ চৰকাৰ মুৰ্দাবাদ" আদি শ্ল'গানেৰে কঁপাই তোলে প্ৰতিবাদস্থলী ৷

দিল্লী আৰক্ষীৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সংগঠনটোৰ 4 গৰাকী লোকক বিনা অনুমতিত প্ৰতিবাদ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা লোক সকলৰ নাম বাদল তনৱাৰ, ধৰ্মপাল ৰাজপুত, মনিশ সিং ৰাজপুত আৰু সুৰজ পাল বুলি জানিব পৰা গৈছে ৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকক জামিনত মুকলি কৰি দিয়া হয় বুলি উল্লেখ কৰে বিষয়া সকলে ৷

উল্লেখ্য যে, চিবিআইয়ে বিহাৰ চৰকাৰৰ অনুৰোধ মৰ্মে, ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক:সুশান্তৰ মৃত্যু অতি মাৰাত্মক ঘটনাঃ অধিবক্তা বিকাশ সিং

ABOUT THE AUTHOR

...view details