অসম

assam

দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

By

Published : Sep 2, 2020, 3:56 AM IST

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যাব ৷ বহু গুৰুত্বপূৰ্ণ চাংঘাই সহযোগী সংস্থাৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মস্কোলৈ যাব দেশৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকী ৷

দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ : আঞ্চলিক সুৰক্ষাৰ দিশটোত আলোকপাত কৰিবলৈ আজি ৰাছিয়ালৈ উৰা মাৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ চাংঘাই সহযোগী সংস্থাৰ এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ ইয়াৰ উপৰিও ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গে চুইগ'ৰ সৈতেও প্ৰতিৰক্ষা প্ৰকল্প সন্দৰ্ভটো আলোচনাত মিলিত হ'ব ৷ চলিত বৰ্ষত এয়া ৰাজনাথ সিঙৰ দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ, ইয়াৰ পূৰ্বে ৰাছিয়াৰ বিজয় দিৱসত বিগত জুন মাহত দেশখনত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷

আনহাতে সংস্থাৰ সদস্য ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ বাবে এই আলোচনাচক্ৰ অতিকে গুৰুত্বপূৰ্ণ হ'ব কিয়নো ইতিমধ্যেই দুয়োখন দেশৰ মাজত সীমা সুৰক্ষাক লৈ ব্যাপক সংঘৰ্ষৰ সূত্ৰপাত হৈছে আৰু দুয়োপক্ষই ৰক্তাক্ত হতাহতিত লিপ্ত হৈছে ৷ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন. ৱেই ফেংঘেই এই আলোচনাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ আনহাতে সংস্থাৰ আলোচনাৰ মাজতে চীন আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকী পৃথকে আলোচনাত মিলিত হোৱাৰ কথা অস্বীকাৰ কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই ৷

আনহাতে সংস্থাৰ বৈদেশিক মন্ত্ৰী আলোচনাচক্ৰলৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ইতিমধ্যেই আমন্ত্ৰণ লাভ কৰিছে ৷ অহা 10 ছেপ্টেম্বৰত সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 5 ছেপ্টেম্বৰত ভাৰতলৈ উভটি আহিব ৷

লগতে পঢ়ক :দ্য আবে ইফেক্ট: আবে’ৰ কাৰ্যকালত ভাৰত জাপানৰ সম্বন্ধই শীৰ্ষতম বিন্দুলৈ আৰোহণ কৰিছিল…

ABOUT THE AUTHOR

...view details