নতুন দিল্লী, 22 জুন : পূৱ লাডাখৰ গলৱান ঘাটিক লৈ ভাৰত আৰু চীনৰ মাজত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে 24 জুনত ফ্ৰান্সত ৰাষ্ট্ৰ দুখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা ৷ ফান্সত অনুষ্ঠিত হ'বলগীয়া বিজয় পেৰেডত অংশগ্ৰহণৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং শীঘ্ৰে ৰাষ্ট্ৰখনলৈ যাত্ৰা কৰিব ৷ ফান্সৰ এই বিজয় পেৰেডত উপস্থিত থাকিব চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী বৈই ফেগহ ৷
24 জুনত ফ্ৰান্সত ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা
দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীত মিত্ৰ শক্তিৰ জয়ৰ চিহ্ন হিচাপে মস্কোত প্ৰতিবছৰে বিজয় পেৰেড উদযাপন কৰা হয় ৷
বিজয় পেৰেডত অনুষ্ঠিত হ'বলগীয়া এক বৈঠকত ভাৰত, চীন আৰু ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী একেলগে মিলিত হ'ব ৷ বৈঠকত দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আলোচনাত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ উল্লেখ্য় যে,দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীত মিত্ৰ শক্তিৰ জয়ৰ চিহ্ন হিচাপে মস্কোত প্ৰতিবছৰে বিজয় পেৰেড উদযাপন কৰা হয় ৷ পূৰ্বতে 9 মে'ত বিজয় পেৰেড পালনৰ সিদ্ধান্ত লোৱা হৈছিল যদিও ক'ৰণা মহামাৰীৰ বাবে স্থগিত কৰা হৈছিল এই পেৰেড ৷ 24 জুনত অনুষ্ঠিত হ'বলগীয়া বিজয় পেৰেডত বাৰত আৰু চীনৰ লগতে 13 খন দেশে অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ কৃষ্ণাঘাটী আৰু নৌচেৰাত গোলাবৰ্ষণ পাক সেনাৰ