নিউজ ডেস্ক, 20 জুলাইঃ 1999 চনৰ কাৰ্গিল যুদ্ধৰ 20 বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে জম্মু-কাশ্মীৰৰ ড্ৰাছ ছেক্টৰস্থিত কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং ৷ মন্ত্ৰীগৰাকীৰ সৈতে কাৰ্গিল যুদ্ধ স্মাৰকত শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং, স্থলসেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাট, নৰ্থাৰ্ণ কামাণ্ডৰ জিঅ'চি লে. জেন. ৰনবীৰ সিঙে ৷ প্ৰতিৰক্ষা বিভাগৰ দলটোৰ সৈতে উপস্থিত থকা শ্ৰীনগৰস্থিত প্ৰতিৰক্ষা মুখ্যালয়ৰ মুখপাত্ৰ কৰ্ণেল ৰাজেশ কালিয়াই প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷
কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্বহীদক স্মৰণ প্ৰতিৰক্ষামন্ত্ৰীৰ - Northern Command
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে জম্মু কাশ্মীৰত উপস্থিত হয় ৷ কাৰ্গিল যুদ্ধৰ বিশ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় সেনাৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী জনাবলৈ ৰাজ্যখনত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৷

যুদ্ধ স্মাৰকত উপস্থিত হৈ দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক সামৰিক সন্মান জ্ঞাপন কৰাৰ লগতে এক মিনিট সময় মৌনতা অৱলম্বন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ "বীৰ ভূমি" আৰু "হাট অৱ ৰিমেমব্ৰেঞ্চ"ত উপস্থিত হোৱা প্ৰতিৰক্ষামন্ত্ৰীগৰাকীক কাৰ্গিল যুদ্ধৰ লগতে ভাৰতীয় সেনাৰ বৃহৎ সফলতাৰ উৎকৃষ্ট নিদৰ্শন "অপাৰেশ্বন বিজয়"ৰ বিষয়ে অৱগত কৰায় সেনাপ্ৰধান জেনৰেল বিপিন ৰাৱাটৰ লগতে লে. জেন. ৰনবীৰ সিঙে ৷ ইয়াৰ উপৰিও ড্ৰাছ ছেক্টৰত কাৰ্গিল যুদ্ধত নিহত হোৱা বিষয়া-জোৱানৰ স্মৃতি বিজড়িত এক "মেম'ৰি লেন" দেশবাসীৰ বাবে মুকলি কৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ ড্ৰাছ ছেক্টৰৰ লামচান ভিউ পইন্টত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক "অপাৰেশ্বন বিজয়"ৰ ওপৰত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে কাৰ্গিল যুদ্ধৰ সেনানী, তথা ফায়াৰ এণ্ড ফিউৰী কৰ্পছৰ কামাণ্ডাৰ লে. জেন. ৱাই কে যোশীয়ে ৷
কাৰ্গিলত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শ্বহীদক স্মৰণ কৰাৰ উপৰিও তাত কৰ্মৰত হৈ থকা সেনাৰ বিষয়া-জোৱানসকলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ লগতে একেলগে খাদ্য গ্ৰহণ কৰে ৷