অসম

assam

ETV Bharat / bharat

মনালী-লেহ মাৰ্গত তিনিখনকৈ সেঁতু উদ্বোধন কৰিব ৰাজনাথ সিঙে - 360 মিটাৰ দৈৰ্ঘ্যৰ দাৰচা সেঁতু

2 অক্টোবৰত মনালীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হৈ মনালী-লেহ মাৰ্গত তিনিখনকৈ সেঁতু উদ্বোধন কৰিব ৷ এই তিনি সেঁতুৰ মাজত উল্লেখযোগ্য হৈছে 360 মিটাৰ দৈৰ্ঘ্যৰ দাৰচা সেঁতু ৷

Rajnath Singh to inaugurate 3 bridges in Manali-Leh strategic route
মনালী-লেহ মাৰ্গত তিনিখনকৈ সেঁতু উদ্বোধন কৰিব ৰাজনাথ সিঙে

By

Published : Oct 1, 2020, 8:52 PM IST

নেশ্যনেল ডেস্ক, 1 অক্টোবৰ :3 অক্টোবৰত হিমাচল প্ৰদেশৰ ৰোহটাঙৰ অটল সুৰংগ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ এদিন পূৰ্বে অৰ্থাৎ 2 অক্টোবৰত মনালীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হৈ মনালী-লেহ মাৰ্গত তিনিখনকৈ সেঁতু উদ্বোধন কৰিব ৷

এই তিনি সেঁতুৰ মাজত উল্লেখযোগ্য হৈছে 360 মিটাৰ দৈৰ্ঘ্যৰ দাৰচা সেঁতু ৷ সীমান্ত পথ নিৰ্মাণ সংস্থাৰ (BRO) মতে, প্ৰধানমন্ত্ৰী হিমাচল প্ৰদেশত উপস্থিত হোৱাৰ এদিন পূৰ্বে ৰাজনাথ সিঙে নৰ্থ পৰ্টেলত চন্দ্ৰ সেঁতু আৰু চন্দ্ৰ নদীত দাৰচা সেঁতুৰ উদ্বোধনী কৰিব ৷

উল্লেখ্য যে, যোৱা সপ্তাহত ৰাজনাথ সিঙে পালাচান আৰু দৰচা সেঁতু উদ্বোধনীৰ দিন ধাৰ্য কৰা হৈছিল যদিও কেন্দ্ৰীয় ৰাজ্যিক ৰেলৱে' মন্ত্ৰী সুৰেশ অংগডীৰ মৃত্যুৰ বাবে স্থগিত ৰখা হয় ৷

প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ৰাজ্যখনত কটকটীয়া কৰা হৈছে প্ৰতিৰক্ষা ব্যৱস্থা ৷ 3 অক্টোবৰ পৰ্যন্ত মনালীত স্থগিত ৰখা হৈছে পেৰাগ্লাইডিং আৰু অন্যান্য দুঃসাহসিক ক্ৰীড়াসমূহ ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে চাইবাৰ নিৰাপত্তা মাহৰ

ABOUT THE AUTHOR

...view details