অসম

assam

ETV Bharat / bharat

মস্কোলৈ ৰাওনা ৰাজনাথ সিঙ - ৰাজনাথ সিং

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে সোমবাৰে ৰুছলৈ যাত্ৰা কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । আগন্তুক ২৪ জুনত মস্কোত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বিশ্বযুদ্ধৰ ৭৫তম বৰ্ষপূতিৰ পেৰেড অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে ৰুছলৈ যাত্ৰা কৰে মন্ত্ৰী গৰাকীয়ে ।

ৰাজনাথ সিং
দ্বিতীয় বিশ্ব যুদ্ধৰ ৭৫তম বৰ্ষপূতিৰ পেৰেড অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যৰে মস্কোলৈ যাত্ৰা ৰাজনাথ সিঙৰ

By

Published : Jun 22, 2020, 1:11 PM IST

নিউজ ডেস্ক, ২২ জুনঃ সোমবাৰে পুৱা ৰুছৰ মস্কোলৈ ৰাওনা হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । আগন্তুক ২৪ জুনত মস্কোত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বিশ্ব যুদ্ধৰ ৭৫তম বৰ্ষপূতিৰ পেৰেড অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্য তিনিদিনীয়া ভ্ৰমণ সূচীৰে ৰুছলৈ যাত্ৰা কৰে ৰাজনাথ সিঙে ।

দ্বিতীয় বিশ্ব যুদ্ধৰ ৭৫তম বৰ্ষপূতিৰ পেৰেড অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যৰে মস্কোলৈ যাত্ৰা ৰাজনাথ সিঙৰ

আনহাতে,প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি,মন্ত্ৰী ৰাজনাথ সিঙে ১৫ জুনত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষত ২০ গৰাকীকৈ সৈনিকৰ মৃত্যু হোৱা পাচতো পূৰ্বৰ পৰা ৰুছৰ লগত থকা ভাৰত চৰকাৰ লগত থকা দৃঢ় সম্পৰ্কৰ বাবেই দ্বিতীয় বিশ্ব যুদ্ধৰ ৭৫তম বৰ্ষপূতি অনুষ্ঠানৰ পেৰেডত অংশ গ্ৰহণ কৰিবলৈ যোৱা বুলি সদৰি কৰে ।

আনহাতে,ৰুছৰ ৰাজদুত নিকোলে কুদাশোৱে টুইট কৰে যে, মই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৰুছলৈ কৰা যাত্ৰা শুভ হোৱাৰ কামনা কৰিলো । য'ত মন্ত্ৰী গৰাকীয়ে ২৪ জুনত ৰুছৰ "Great Victory Day military parade"ৰ সাক্ষী হৈ ৰ'ব ।

উল্লেখ্য যে,এই পেৰেড অনুষ্ঠান বিগত ৯ মে'ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশ্বত্ৰাসকাৰী COVID-19ৰ প্ৰতিৰোধৰ বাবেই স্থগিত কৰা হয় অনুষ্ঠানৰ ।

আনহাতে,পেৰেডত অংশ গ্ৰহণ কৰিবলৈ ৭৫ জনীয়া এটি ভাৰতীয় সেনাৰ দল মস্কোলৈ কিছুদিন পূৰ্বেই ৰাওনা হয় বুলিও জানিবলৈ দিয়ে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে । লগতে মস্কোত অনুষ্ঠিত এই অনুষ্ঠানৰ জৰিয়তে ভাৰত আৰু ৰুছৰ মাজৰ সম্পৰ্ক পূৰ্বতকৈ ভাল হ'ব বুলি মত ব্যক্ত কৰে মন্ত্ৰণালয়ে ।

তাৰোপৰি মস্কোৰ এই পেৰেড অনুষ্ঠানত ভাৰতীয় মাৰ্চিং স্কোৱাডৰ নেতৃত্ব প্ৰদান কৰিব গ্যালাণ্ট শিখ লাইট ইনফ্যান্ট্ৰি ৰেজিমেণ্টৰ মেজৰ এগাৰকীয়ে । এই ৰেজিমেণ্টে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অত্যন্ত সাহসিতকাৰে যুদ্ধত অংশ গ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হয় ।

লগতে চাওকঃ আজিৰে পৰা কামাখ্য়া ধামত আৰম্ভ অম্বুবাচীঃ বন্ধ মন্দিৰৰ দুৱাৰ

ABOUT THE AUTHOR

...view details