নিউজ ডেস্ক, 27 অক্টোবৰ :নতুন দিল্লীস্থিত সেনা মুখ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা আৰ্মি কামাণ্ডাৰ কনফাৰেন্সত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ 26 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই কনফাৰেন্স 29 অক্টোবৰত অন্ত পৰিব ৷ মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্থলসেনাৰ এই বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব ৷
বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা স্থলসেনাৰ কামাণ্ডাৰ বৈঠকত 7টা কামাণ্ডৰ লগতে প্ৰশিক্ষণ আৰু সেনাৰ শৈক্ষিক-গাঁথনিগত থিয়েটাৰ কামাণ্ড তথা আন্দামান নিকোবৰ বিশেষ কামাণ্ডৰ কামাণ্ডাৰসকলৰ লগতে স্থলসেনাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷ এই বৈঠকত স্থলসেনাৰ অতিকে গুৰুত্বপূৰ্ণ শৈক্ষিক, সামৰিক, গাঁথনিগত, প্ৰশিক্ষণ আৰু অধিগ্ৰহণ তথা নিৰ্মাণ আৰু মানৱ সম্পদ আঁচনিসমূহৰ বিষয়ে বিতংভাৱে আলোচনা অনুষ্ঠিত হয় ৷
এই বৈঠকত স্থলসেনাৰ উপ-সেনাধ্যক্ষকে ধৰি সেনা মুখ্যালয়ৰ মুখ্য ষ্টাফ বিষয়া আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷ 26 অক্টোবৰৰ উদ্বোধনী অনুষ্ঠানত মানৱ সম্পদ ব্যৱস্থাপনা বিষয়ত আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই বৈঠকত অংশগ্ৰহণ কৰে চিডিএছ, স্থলসেনাধ্যক্ষ, বায়ুসেনা প্ৰধান আৰু নৌ-সেনাপ্ৰধানে ৷