নতুন দিল্লীঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা বাহিনীৰ শীৰ্ষ বিষয়া সকলৰ সৈতে বৈঠকত মিলিত হয় । কৰ'ণা ভাইৰাছ মহামাৰীৰ সৈতে যুঁজিবলৈ সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতি সম্পৰ্কে বৃহস্পতিবাৰে এই বৈঠকৰ জৰিয়তে বুজ লয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ।
COVID-19 ৰ সৈতে যুঁজিবলৈ সশস্ত্ৰ বাহিনীৰ খতিয়ান ললে ৰাজনাথ সিঙে - সেনা প্ৰধান
কৰ'ণা ভাইৰাছ মহামাৰীৰ সৈতে যুঁজিবলৈ সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতি সম্পৰ্কে খতিয়ান লবলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা প্ৰধান সকলৰ সৈতে আলোচনাত মিলিত হয় ।

COVID-19 ৰ সৈতে যুঁজিবলৈ সশস্ত্ৰ বাহিনীৰ খতিয়ান ললে ৰাজনাথ সিঙে
মুখ্য সেনা প্ৰধান বিপিন ৰাৱট, নৌ সেনাৰ ছিফ এডমিৰাল কৰমবীৰ সিং, বায়ু সেনাৰ ছিফ এয়াৰ মাৰ্ছেল আৰ কে এচ ভাদুৰীয়া আৰু স্থল সেনাৰ প্ৰধান উক্ত বৈঠকখনত উপস্থিত থাকে । তেওঁলোকৰ লগতে এই বৈঠকত প্ৰতিৰক্ষা সচিব অজয় কুমাৰ, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ণ সংস্থা (DRDO)ৰ প্ৰধান সতীস ৰেড্ডী আৰু প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ।