অসম

assam

"ভাৰতৰ জাতীয় গৌৰৱক লৈ কেতিয়াও আপোচ কৰা নহ'ব"- ৰাজনাথ সিং

By

Published : Jun 14, 2020, 6:43 PM IST

"ভাৰত আৰু চীন দুয়োখন দেশে সামৰিক আৰু কূটনৈতিক পৰ্যায়ত আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আগ্ৰহী। কিন্তু, এইক্ষেত্ৰত ভাৰতৰ জাতীয় গৌৰৱক লৈ কেতিয়াও আপোচ কৰা নহ'ব বুলি মই আপোনালোকক আশ্বাস দিছো। লগতে, বিৰোধী দলসমূহকো সময় আহিলে সকলো উল্লেখ কৰা হ'ব" বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে।

ৰাজনাথ সিং
Rajnath on China: 'India's national pride won't be compromised'

নিউজ ডেস্ক, ১৪ জুনঃ "ভাৰতৰ জাতীয় গৌৰৱক লৈ কেতিয়াও আপোচ কৰা নহ'ব।" চীনৰ সৈতে ভাৰতৰ সীমা সমস্যা সন্দৰ্ভত মন্তব্য কৰি দেওবাৰে এই কথা উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে দেওবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'জম্মু-কাশ্মীৰ জন সংবাদ ৰেলী'ত অংশগ্ৰহণ কৰি ভাৰত-চীনৰ সীমা সমস্যা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে। তদুপৰি, এই ৰেলীত অংশগ্ৰহণ কৰি 'ৰাষ্ট্ৰবাদ' সন্দৰ্ভত ভাষণত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫A কৰ্তন সন্দৰ্ভতো উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

"ভাৰত আৰু চীন দুয়োখন দেশে সামৰিক আৰু কূটনৈতিক পৰ্যায়ত আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আগ্ৰহী। কিন্তু, এইক্ষেত্ৰত ভাৰতৰ জাতীয় গৌৰৱক লৈ কেতিয়াও আপোচ কৰা নহ'ব বুলি মই আপোনালোকক আশ্বাস দিছো। লগতে, বিৰোধী দলসমূহকো সময় আহিলে সকলো উল্লেখ কৰাৰ লগতে এই ক্ষেত্ৰত আন্ধাৰত ৰখা নহ'ব" বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

"ভাৰতৰ জাতীয় গৌৰৱক লৈ কেতিয়াও আপোচ কৰা নহ'ব"- ৰাজনাথ সিং

তদুপৰি, জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন সন্দৰ্ভত বিজেপি নেতাগৰাকীয়ে কয় যে- "পূৰ্বে জম্মু-কাশ্মীৰত 'কাশ্মীৰ আজাদী'ৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই সময়ত ৰাজ্যখনত পাকিস্তান অথবা, আই এচ আই এচৰ পতাকা উৰা দেখা গৈছিল। কিন্তু বিজেপি চৰকাৰে ৰাজ্যখনৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫A কৰ্তন কৰাৰ পাছত সমগ্ৰ দৃশ্যপট সলনি হোৱা পৰিলক্ষিত হৈছে। এতিয়া ৰাজ্যখনত কেৱল ভাৰতীয় পতাকা উৰে" বুলি ৰাজনাথ সিঙে উল্লেখ কৰে। লগতে, ভাষণ প্ৰসংগত অজয় পণ্ডিতৰ নৃশংস হত্যাকাণ্ডক তীব্ৰ সমালোচনা কৰি এয়া এক কাপুৰুষৰ কাৰ্য বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

জম্মু-কাশ্মীৰ জন সংবাদ ৰেলী'ত অংশ লৈ ১৯৪৭ চনত কাশ্মীৰ ভেলীত পতাকা উত্তোলন কৰা বাৰামুল্লা জিলাৰ মহম্মদ মকবুল চেৰৱানীকো শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তদুপৰি, জম্মু-কাশ্মীৰৰ সীমান্তত পাকিস্তানে কেইবাসপ্তাহ ধৰি অব্যাহত ৰখা যুদ্ধবিৰতি উলংঘন কাৰ্যক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে, পাকিস্তান অধিকৃত কাশ্মীৰৰ লোকসকলে পাকিস্তানৰ পৰিৱৰ্তে ভাৰতৰ লগত থাকিব বিচাৰে বুলি মন্তব্য প্ৰকাশ কৰে ৰাজনাথ সিঙে।

বিজেপি নেতাগৰাকীয়ে, "শক্তিশালী ভাৰত" সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ভাৰতীয় বায়ুসেনাত ৰাফেল এয়াৰক্ৰাফ্ট অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে। "সম্প্ৰতি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আগুৱাই আছে। লগতে, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ৰাফেল যুদ্ধবিমান অন্তৰ্ভুক্ত কৰাৰ পাছত ভাৰতীয় বায়ুসেনা অধিক শক্তিশালী হৈ উঠিছে" বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। ইয়াৰোপৰি, কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি আছে। লগতে এই মহামাৰীৰ সংক্ৰমণ ৰোধৰ পৰা বাচিবলৈ ভাৰতে গ্ৰহণ কৰা "জন সংবাদ" নীতিক বিশ্ব স্বাস্থ্য সংস্থাই প্ৰশংসা কৰিছে বুলি বিজেপি নেতা ৰাজনাথ সিঙে উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details