নিউজ ডেস্ক, ২১ জুলাইঃ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্য়াৰ গোচৰত দোষী সাব্যস্ত হোৱা নলিনী শ্ৰীহৰনে সোমবাৰে আত্মহত্যাৰ বাবে চেষ্টা কৰে বুলি জানিবলৈ শ্ৰীহৰনেৰ অধিবক্তাই । বিগত ২৯ বছৰে ভেল্লৰৰ জেলত কাৰাবন্দী হৈ থকা নলিনী শ্ৰীহৰনে প্ৰথমবাৰৰ বাবেৰ আত্মহত্য়া কৰিবলৈ প্ৰয়াস কৰে বুলি জানিবলৈ দিয়ে ।
কাৰাগাৰৰ ভিতৰত আত্মহত্যাৰ চেষ্টা ৰাজীৱ গান্ধী হত্য়াকাণ্ডৰ দোষী নলিনী শ্ৰীহৰনৰ
ৰাজীৱ গান্ধী হত্য়াকাণ্ডৰ লগত জড়িত নলিনী শ্ৰীহৰনে সোমবাৰ আত্মহত্যাৰ চেষ্টা কৰে বুলি জানিবলৈ দিয়ে শ্ৰীহৰনেৰ অধিবক্তা পুগলেথীয়ে । কাৰাগাৰৰ ভিতৰত অন্য কাৰাবন্দীৰ সৈতে হোৱা কাজিয়াৰ পৰিণতিতে এনে ঘটনা সংঘটিত কৰা বুলি জানিবলৈ দিয়ে অধিবক্তা গৰাকীয়ে ।
নলিনী শ্ৰীহৰন
ঘটনা সন্দৰ্ভত শ্ৰীহৰনৰ অধিবক্তা পুগলেথীয়ে কয় যে,"নলিনীয়ে জেলৰ ভিতৰতে অন্য এজন কাৰাবন্দীৰ সৈতে কাজিয়াত লিপ্ত হয়। কাজিয়াৰ পাচতে নলিনী শ্ৰীহৰনে ফাঁচী লগাই আত্মহত্যা কৰিবলৈ প্ৰয়াস কৰে ।" কিন্তু সঠিক সময়ত জেলত কৰ্মৰত আৰক্ষীয়ে প্ৰত্যক্ষ কৰাৰ বাবেই আত্মহত্যা কৰিব নোৱাৰে বুলি জানিবলৈ দিয়ে অধিবক্তা গৰাকীয়ে । লগতে নলিনী শ্ৰীহৰনে সম্পূৰ্ণৰূপে সুস্থ বুলি জানিবলৈ দিয়াৰ উপৰিও ঘটনা সন্দৰ্ভত তদন্তৰ দাবী জনাই অধিবক্তা পুগলেথীয়ে ।