অসম

assam

ETV Bharat / bharat

ৰাজীৱ গান্ধী অক্ষয় উৰ্জা দিৱস - অগতানুগতিক শক্তি উৎস মন্ত্ৰালয় ওৰফে নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়

ভাৰত চৰকাৰৰ নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ৰাজীৱ গান্ধীৰ জন্ম দিৱস 20 আগষ্টক "ৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি দিৱস" হিচাপে ঘোষণা কৰিছে ৷ সমগ্ৰ দেশতে এই দিনটো বিশেষভাৱে উদযাপন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ এম এন আৰ আই বিভাগে "ৰাজীৱ গান্ধী অক্ষয় উৰ্জা দিৱস" নামেৰে 2004 চনৰ পৰা এক কাৰ্যসূচী আৰম্ভ কৰে ৷

ৰাজীৱ গান্ধী অক্ষয় উৰ্জা দিৱস

By

Published : Aug 20, 2019, 5:20 PM IST

নিউজ ডেক্স,20 আগষ্টঃ ভাৰত চৰকাৰৰ নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ৰাজীৱ গান্ধীৰ জন্ম দিৱস 20 আগষ্টক "ৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি দিৱস" হিচাপে ঘোষণা কৰিছে ৷ সমগ্ৰ দেশতে এই দিনটো বিশেষভাৱে উদযাপন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ এম এন আৰ আই বিভাগে "ৰাজীৱ গান্ধী অক্ষয় উৰ্জা দিৱস" নামেৰে 2004 চনৰ পৰা এক কাৰ্যসূচী আৰম্ভ কৰে ৷ উক্ত কাৰ্যক্ৰমৰ উদ্দেশ্য হ’ল সকলো ক্ষেত্ৰতে নৱীকৰণযোগ্য শক্তিৰ উপকৰণ আৰু প্ৰণালীসমূহৰ বিষয়ে সজাগতা আৰু লোকপ্ৰিয়তা বৃদ্ধি কৰা ৷

ৰাজীৱ গান্ধী অক্ষয় উৰ্জা দিৱস

নৱীকৰণযোগ্য শক্তি কি?
যিবোৰ শক্তি কোনো উৎসৰ পৰা সৃষ্টি হয় আৰু অতিমাত্ৰা ব্যৱহাৰৰ ফলতো সময়ৰ গতিত সমাপ্ত হৈ নাযায় সেইবোৰকে নৱীকৰণযোগ্য শক্তি বুলি কোৱা হয় ৷ উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি উৎপন্ন কৰা শক্তি সমূহ ৷

নৱীকৰণযোগ্য শক্তিসমূহ ব্যৱহাৰৰ উৎস তথা ব্যয়ঃ
সূৰ্যৰ পোহৰ,বতাহ,জলপ্ৰপাত সমূহ হ’ল নৱীকৰণযোগ্য শক্তিৰ প্ৰধান উৎস ৷ ইয়াৰ লগতে অন্যান্য উৎসমূহ হ’ল জোৱাৰ, তৰংগ আৰু ভূ-তাপীয় উত্তাপ ৷ ৰিনিউৱোবলচ 2014ৰ প্ৰতিবেদন অনুসৰি, 2012 চনত শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত নৱীকৰণযোগ্য শক্তিৰ অৱদান আছিল প্ৰায় 19%| নৱীকৰণযোগ্য শক্তি ব্যৱহাৰৰ বিভাজনটো আছিল- পৰম্পৰাগত বায়োমাছ(9%), নন-বায়োমাছ তাপ শক্তি(4.2%), জলবিদ্যুত (3.8%), বায়ু, সৌৰ, ভূ-তাপীয় বিদ্যুত (2%)৷

নৱীকৰণযোগ্য শক্তিৰ প্ৰয়োজনীয়তাঃ
নৱীকৰণযোগ্য শক্তিসমূহৰ প্ৰধান উপকাৰিতাই হ’ল যে সেইসমূহ পুনৰ ব্যৱহাৰযোগ্য ৷ ইয়াৰ বাবেই এই শক্তিসমূহৰ ব্যৱহাৰ বিনা কোনো শংকাৰে কৰিব পাৰি৷ নৱীকৰণযোগ্য শক্তি সমূহৰ ওপৰত নিৰ্ভৰতা বৃদ্ধিৰ অৰ্থ হ’ল কয়লা আৰু খনিজ তেলৰ দৰে অনৱীকৰণযোগ্য শক্তিসমূহৰ ওপৰত কম নিৰ্ভৰশীল হোৱা ৷ এই পৰিৱৰ্তনে কেৱল প্ৰকৃতিক সংৰক্ষণ নকৰি অনৱীকৰণযোগ্য উৎসসমূহৰ মালিকীস্বত্বৰ বাবে সৃষ্টি হোৱা ৰাজনৈতিক তথা অৰ্থনৈতিক যুদ্ধ সমূহ হ্ৰাস কৰে ৷ তাৰোপৰি কয়লা ভিত্তিক অথবা গেছ ভিত্তিক তাপ বিদ্যুত কেন্দ্ৰসমূহ প্ৰদূষণৰ অন্যতম প্ৰধান উৎস ৷ কিন্তু কয়লা,গেছ আদিৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰি এই প্ৰদূষণ হ্ৰাস কৰিব পাৰি ৷ যাৰ ফলত গ্ৰীণহাউচ গেচৰ পৰিমাণ হ্ৰাস কৰি গোলকীয় উত্তাপ হ্ৰাস কৰিব পাৰি৷

ইতিহাস/ পটভূমিঃ
নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় ভাৰত চৰকাৰৰ এক অতি গুৰুত্বপূৰ্ণ মন্ত্ৰালয় ৷ দেশৰ শক্তিৰ প্ৰয়োজনসমূহ পূৰণ কৰা এই মন্ত্ৰালয়ৰ প্ৰধান উদ্দেশ্য৷
1. অতিৰিক্ত উৎস কমিচন 1981 (চি এচ এচ আই)
2. অগতানুগতিক শক্তি উৎস বিভাগ 1982 (ডি এন ই এচ)
3. অগতানুগতিক শক্তি উৎস মন্ত্ৰালয় 1992 (এম এন ই এচ)
4. অগতানুগতিক শক্তি উৎস মন্ত্ৰালয় ওৰফে নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় 2006

  • 1970 চনত দেশৰ দুটি তেলৰ কম্পনক নৱীকৰণযোগ্য শক্তিৰ বাবে শক্তি স্বয়ংসম্পূৰ্ণতাৰ প্ৰধান চালক হিচাপে চিহ্নিত কৰা হৈছিল ৷ তেলৰ দাম হঠাৎ বৃদ্ধি,সৰবৰাহৰ ক্ষেত্ৰত অনিশ্চয়তা তথা পাৰিশ্ৰমিকৰ ভাৰসাম্যৰ বিৰূপ প্ৰভাৱৰ বাবে 1981 চনৰ মাৰ্চ মাহত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে অতিৰিক্ত শক্তি উৎস কমিচন প্ৰতিষ্ঠা কৰে ৷ উক্ত কমিচনখনক আইন প্ৰণয়ন আৰু তাৰ বাস্তৱ ৰূপান্তৰ,চেক্টৰ গৱেষণা আৰু উন্নয়ন,সমন্বয় আৰি তীব্ৰকৰণৰ উপৰিও নৱীকৰণযোগ্য শক্তিসমূহৰ বিকাশৰ দায়িত্ব দিয়া হৈছিল ৷ 1992 চনত অগতানুগতিক শক্তি উৎস মন্ত্ৰালয় নামেৰে আন এখন মন্ত্ৰালয় গঠন কৰা হয় ইয়াক পৰৱৰ্তী সময়ত 2006 চনত নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় হিচাপে নামাকৰণ কৰা হয় ৷

ABOUT THE AUTHOR

...view details