অসম

assam

ETV Bharat / bharat

দীঘাত উদ্যান মুকলি কৰিলে বনমন্ত্ৰীয়ে

পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে পশ্চিমবংগ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পৰিকল্পনা ৷ দেওবাৰে ৰাজ্যখনৰ বনমন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে পৰ্যটকৰ আগমনৰ উদ্দেশ্যে দীঘাৰ সমুদ্ৰতীৰত নিৰ্মাণ কৰা এখন প্ৰাকৃতিক উদ্যান মুকলি কৰে ৷

Rajib Banarjee inagurated new nature park at digha beach west bangal etv bharat news
প্ৰাকৃতিক উদ্যান মুকলি

By

Published : Oct 5, 2020, 9:41 AM IST

নিউজ ডেস্ক,5 অক্টোবৰ: পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে পশ্চিমবংগৰ দীঘাৰ সমুদ্ৰতীৰত মুকলি কৰা হৈছে এখন উদ্যান ৷ বিগত প্ৰায় ছমাহ পূৰ্বে আৰম্ভ হোৱা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছিল দেশৰ পৰ্যটন বিভাগ ৷ সম্প্ৰতি এই সংক্ৰমণৰ হাৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন ৰাজ্যৰ চৰকাৰে পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে অভিনৱ পন্থা ৷ পশ্চিমবংগ চৰকাৰেও পৰ্যটকক আকৰ্ষিত কৰাৰ লক্ষ্য ৰে দীঘাৰ সমুদ্ৰতীৰত নিৰ্মাণ কৰিছে এক প্ৰাকৃতিক উদ্যান ৷ দীঘাৰ ওশানিয়া ঘাটৰ পৰা যাত্ৰানালা পৰ্যন্ত প্ৰায় এক কিল’মিটাৰজোৰা অঞ্চল এই উদ্যানৰূপে গঢ়ি তোলা হৈছে ৷ পৰৱৰ্তী সময়ত দীঘাৰ সমুদ্ৰতীৰৰ সৌন্দৰ্ষ উপভোগ কৰিবলৈ অহা পৰ্যটকৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিব এই উদ্যান ৷ দেওবাৰে এই উদ্যান মুকলি কৰে পশ্চিমবংগৰ বনমন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে ৷

এই উদ্যান নিৰ্মাণৰ বাবে চৰকাৰে ব্যয় কৰে প্ৰায় 2 কোটি টকা ৷ উদ্যানখন মুকলি কৰি বনমন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি পৰৱৰ্তী সময়ত এনেধৰণৰ উদ্যান বহুকেইটা অঞ্চলত গঢ়ি তোলা হ’ব বুলি ব্যক্ত কৰে ৷ পৰ্যটকে নিম্ন পৰিমাণৰ ধন ব্যয় কৰিয়েই এই উদ্যান দৰ্শনৰ সুবিধা লাভ কৰি আনন্দিত হ’ব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ৷

লগতে চাওকঃএমাহ পূৰ্বে চুৰি হোৱা বাইকসহ চোৰক কৰায়ত্ব পল্টনবজাৰ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details