আমাৰ সমস্যা সমাধান নকৰা চৰকাৰ বাচনি কৰাৰ প্ৰয়োজনীয়তা ক'ত ?
খোৱাপানী, ৰাস্তা-ঘাটকে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাজস্থানৰ ধিংগানাবাসীৰ ভোটবৰ্জনৰ সিদ্ধান্ত ৷ বিকাশৰ নামত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ ৷
নিউজ ডেস্ক, 26 এপ্ৰিল : ভোট বৰ্জনৰ সিদ্ধান্ত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত থৰ মৰভূমিয়ে আৱৰি ৰখা ৰাজস্থানৰ যৌধপুৰ জিলাৰ অন্তৰ্গত ধিংগানা গাঁৱৰ ৰাইজৰ ৷ খোৱাপানী, ৰাস্তা-ঘাট, স্কুলকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত ধিংগানাবাসীক বিকাশৰ নামত চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি লোকসভা নিৰ্বাচনত ভোটবৰ্জনৰ সিদ্ধান্ত গাঁওবাসীৰ ৷
আমাৰ সমস্যা সমাধান নকৰা চৰকাৰ বাচনি কৰাৰ প্ৰয়োজনীয়তা ক'ত বুলি প্ৰশ্ন উত্থাপন কৰি স্থানীয় প্ৰশাসনে গাঁওবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সাংবাদিকৰ আগত মত প্ৰকাশ গাঁওবাসীৰ ৷