নেশ্যনেল ডেক্স, 14 আগষ্টঃ ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ এমাহ পূৰ্বে স্বামীক হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰকৈ কাটি কাষৰ নিৰ্মীয়মান অট্টালিকাত পুতি থোৱাৰ অভিযোগ উত্থাপিত হৈছে পত্নীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, যোধপুৰৰ নন্দদী গাঁৱত প্ৰায় এমাহ পূৰ্বে চৰণ সিং নামৰ এজন লোক সন্ধানহীন হৈছিল ৷ পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত বনদ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু যোৱা 10 আগষ্টত অট্টালিকাটোৰ পৰা তেখেতৰ উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে মঙলবাৰে ঘটনাৰ সৈতে জড়িত তিনিগৰাকী মহিলাসহ এজন লোকক আটক কৰে ৷ আটকাধীন সকলৰ এগৰাকী চৰণ সিঙৰ পত্নী সীমা ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি 7 বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল চৰণ সিং আৰু সীমা ৷ কিন্তু বিয়াৰ পিছৰে পৰা প্ৰায় পাৰিবাৰিক সংঘাতৰ সৃষ্টি হৈছিল দুয়োৰে মাজত ৷