নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ :ৰাজস্থানৰ জয়পুৰত এগৰাকী ধৰ্ষণৰ বলি মহিলা আৰু তেওঁৰ কন্যাক অভিযুক্তই জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ পাচতে অভিযুক্তই খঙত অগ্নিশৰ্মা হৈ এই কাণ্ড সংঘটিত কৰে বুলি জানিব পৰা গৈছে ৷
মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰ চপা বাবে অভিযুক্তই পেট্ৰ'ল ঢালি ভুক্তভোগীগৰাকীক জ্বলাই দিয়ে ৷ অগ্নিকাণ্ডৰ ফলত ভূক্তভোগী আৰু তেওঁৰ কন্যা গুৰুতৰভাৱে আহত হয় আৰু দুয়োগৰাকীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ দুয়োগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷
আনহাতে, অভিযুক্ত লেখৰাজ আৰু আন তিনিজনক আটক কৰিছে জয়পুৰ আৰক্ষীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মহিলাগৰাকী ঘৰত অকলে থকা অৱস্থাত মদ্যপান কৰোৱাই ধৰ্ষণ কৰে লেখৰাজে ৷ লগতে ঘটনা সম্পৰ্কত কোনো লোকক অৱগত নকৰিবলৈ ভাবুকি প্ৰদান কৰে ৷