অসম

assam

ETV Bharat / bharat

বিজেপি দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

বিজেপি দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৷ কংগ্ৰেছ দলক দমন তথা অস্থিৰ কৰাৰ প্ৰয়াস কৰা বুলি অভিযোগ উত্থাপন কৰে গেহলটে ৷

 ৰাজস্থান
ৰাজস্থান

By

Published : Jul 12, 2020, 5:30 PM IST

নিউজ ডেস্ক, ১২ জুলাইঃ শাসনাধীস্থ বিজেপি দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ । শনিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বিজেপি দলে কংগ্ৰেছ দলক দমন তথা অস্থিৰ কৰাৰ প্ৰয়াস কৰা বুলি অভিযোগ উত্থাপন কৰে । তাৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয় সন্দৰ্ভত শনিবাৰে ৰাতি সকলো মন্ত্ৰীৰ উপস্থিতিত নিজৰ বাসগৃহত বৈঠক অনুষ্ঠিত কৰে । তথ্য অনুসৰি, শনিবাৰে নিশা প্ৰায় ৯: ৩০ বজাৰ পৰা অনুষ্ঠিত কৰে বৈঠক ।

বিজেপি দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল । বিধায়কগৰাকীৰ অভিযোগ অনুসৰি, বিজেপিৰ নেতৃত্বই কংগ্ৰেছ আৰু কংগ্ৰেছ পাৰ্টীৰ বিধায়কক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে তথা কংগ্ৰেছৰ বিধায়কসকলক বিভিন্ন মাধ্যমেৰে যোগাযোগ কৰি তেখেতসকলক বিজেপিক সমৰ্থন কৰাৰ বাবে আহ্বান জনায় ।

আনহাতে, শনিবাৰে মুখ্যমন্ত্ৰী অশোক গেহলটৰ বাসগৃহত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে মন্ত্ৰী শান্তি ধাৰীৱাল, স্বাস্থ্য মন্ত্ৰী ৰঘু শৰ্মা, পৰিৱহন মন্ত্ৰী প্ৰতাপ সিং খাচৰিয়াবাস আৰু শ্ৰমমন্ত্ৰী টীকাৰাম জুলীসহ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি ।

লগতে পঢ়ক :নগা বিদ্ৰোহৰ ইতিহাস

ABOUT THE AUTHOR

...view details